শদিয়া,23 অক্টোবৰঃ তিনিচুকীয়া জিলাৰ শদিয়াৰ চূণপোৰাত বন বিভাগে মঙলবাৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে৷ গোপন সুত্ৰৰ পম খেদি শদিয়া বনাঞ্চলিক বিষয়া বিবিত দিহিঙীয়াৰ নেতৃত্বত অভিযান চলাই বন বিভাগৰ দল এটাই শদিয়াৰ চূণপোৰাত বিক্ৰম বুঢ়াগোহাঁই নামৰ লোক এজনৰ বাৰিৰ পৰা AS-01GC-৯৬২৯ নম্বৰৰ ট্ৰাক এখন জব্দ কৰে৷ বন বিভাগৰ দলটো গাঁৱখনত প্ৰৱেশ কৰাৰ উমান পাই কাঠৰ চোৰাং ব্যৱসায়ীয়ে ৰহস্যজনকভাৱে চোৰাং কাঠভৰ্তি এখন ট্ৰাক পলোৱাই নিয়ে৷ পলায়ন কৰা ট্ৰাকখনৰ সন্ধানত শদিয়াত বন বিভাগৰ অভিযান অব্যাহত আছে বুলি জানিবলৈ দিছে৷
