ETV Bharat / state

Crime in Tinsukia: তিনিচুকীয়াত প্ৰশাসনৰ বাধা নামানি গোপনে অনুষ্ঠিত কৰিলে উপহাৰ কূপনৰ খেল - গোপনে অনুষ্ঠিত কৰিলে উপহাৰ কূপনৰ খেল

তিনিচুকীয়াৰ ২নং কদমনিত গোপনে উপহাৰ কূপনৰ খেল ৷ অভিযুক্ত আয়োজকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ কেইবা কোটিটকীয়া খেলত নামঘৰত দিয়ে দুই লাখ টকা ৷

Fraud in l gift coupon game in Tinsukia
উপহাৰ কূপনৰ খেল
author img

By

Published : Jun 18, 2023, 10:03 PM IST

বিতৰ্কিত উপহাৰ কূপনৰ খেল

তিনিচুকীয়া, ১৮ জুন: তিনিচুকীয়াৰ ২নং কদমণি নামঘৰ আৰু হৰি নাম চৰ্চা কেন্দ্ৰৰ উন্নয়নৰ সাহায্যাৰ্থে আয়োজন কৰা কোটিটকীয়া উপহাৰ কূপনৰ খেলখন আৰক্ষী, জিলা প্ৰশাসনৰ বাধাৰ পাচতো আয়োজকে দেওবাৰে কোনো অজ্ঞাত স্থানত গোপনে অনুষ্ঠিত কৰে ৷ এইখেলৰ ফলাফল সামজিক মাধ্যমত বিয়পি পৰাৰ পাচতে তিনিচুকীয়াত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

দূৰ দূৰণিৰ পৰা বহু টিকট ক্ৰয় কৰা লোকে দেওবাৰে কদমনিত উপস্থিত হয় যদিও খেল অনুষ্ঠিত কৰা পেন্দেলত নাপালে কোনো এজনো আয়োজকক ৷ তাৰ সমান্তৰালভাৱে লক্ষাধিক মূল্যৰ টিকট ক্ৰয় কৰা লোকেও লাভ নকৰিলে এটাও উপহাৰ ৷ গতিকে উপহাৰ কুপনৰ ফলাফলৰ তালিকাখন ক'ত আৰু কেনেকৈ প্ৰস্তুত কৰিলে সেয়া সম্পূৰ্ণ ৰহস্যজনক ৷

পৰৱৰ্তী সময়ত কদমনিত তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া, হিজুগুৰি, পানীতোলা আৰু বৰডুবি আৰক্ষীৰ দল উপস্থিত হৈ আয়োজক সমিতিৰ ব্যক্তিৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ কদমনিস্থিত আয়োজক সমিতিৰ সম্পাদক নীল পৱন চেতিয়াৰ বাসগৃহতো আৰক্ষীয়ে তন্নতন্নকৈ অভিযান চলায় । লগতে নামঘৰৰো কিছু নথি-পত্ৰৰ সন্দৰ্ভত অনুসন্ধান চলায় ৷

উল্লেখযোগ্য যে, আয়োজক সমিতিৰ সম্পাদক নীল পৱন চেতিয়াৰ মাতৃয়ে নামঘৰ সমিতিৰ সভাপতিৰ দায়িত্বত আছে বুলি সদৰী কৰিছে স্থানীয় নামঘৰৰ আইসকলে ৷ আইসকলে এইসন্দৰ্ভত কয় যে, শিৱসাগৰৰ ভাস্কৰ নাথ নামৰ এজনে প্ৰথমে আহি উপহাৰ খেলৰ জৰিয়তে নামঘৰত সাহায্য দিয়াৰ প্ৰস্তাৱ দিয়ে আৰু পৰৱৰ্তী সময়ত সকলো নথি-পত্ৰ তথা অনুমতি লাভ কৰা বুলি সদৰি কৰে আয়োজকসকলে ৷

১১ জুনত অনুষ্ঠিত হ'ব লগা খেলৰ আগদিনাই কথামতে নামঘৰত দুই লাখ টকা প্ৰদান কৰে আৰু পিছৰ দিনা খেলখন অনুষ্ঠিত নোহোৱাত আৰক্ষীৰ পৰা সকলো তথ্য জানিব পাৰে নামঘৰৰ আইসকলে ৷

পুনৰ আজি কোনো অজ্ঞাত স্থানত গোপনে খেলাখন অনুষ্ঠিত কৰি সামাজিক মাধ্যমত ফলাফলৰ তালিকাখন প্ৰচাৰ হোৱাত নিজেই আচৰিত হৈ পৰে ৷ এইক্ষেত্ৰত আয়োজক সমিতিৰ স'তে নামঘৰৰ আইসকল অলপো জ্ঞাত নহয় ৷ আয়োজক সমিতিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱা বুলি জানিব দিয়াৰ লগতে তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে এইসন্দৰ্ভত কিছুমান ছীল মোহৰ জব্দ কৰি অনুসন্ধান চলোৱা হৈছে ৷ লগতে তিনি জুনত আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ ইতিমধ্যে জামিন লোৱা বুলি জানিব দিয়াৰ লগতে খেলখন খেলাবলৈ কোনো অনুমতি প্ৰদান কৰা নাছিল বুলি সদৰি কৰে ৷

সমান্তৰালভাৱে আজি খেলখন অনুষ্টিত কৰা হ'ব বুলি সামাজিক মাধ্যমত ভিডিঅ দিয়াসকলকো তদন্তৰ আওতাত ৰখা হৈছে বুলি উল্লেখ কৰে ৷ ইফালে, আজি প্ৰকাশ কৰা ফলাফলৰ তালিকাখনত স্বাক্ষৰ কৰা তিনিগৰাকী বিচাৰকো তদন্তত আহিব বুলি আৰক্ষী বিষয়াগৰাকীয়ে সদৰি কৰে ৷ প্ৰথমে কৰা স্বাক্ষৰটো শৰৎ চাংমাই নামৰ এজন লোকৰ ৷

কিন্তু যদিহে স্বাক্ষৰ কৰা শৰৎ চাংমাইজন স্থানীয় লোক হয় তেন্তে সেয়া শাসকীয় দলটোৰ এজন সক্ৰিয় কৰ্মী বুলি জানিব পৰাৰ লগতে স্থানীয় মন্ত্ৰীগৰাকীৰ স’তেওঁৰ অতি ঘনিষ্ঠ সম্পৰ্ক । গতিকে এই উপহাৰ কুপনৰ খেলখনত ৰাজনৈতিক শক্তি জড়িত হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰে আহোম সভাৰ নেতা প্ৰাঞ্জল ৰাজকোঁৱৰে ৷ ৰাজকোঁৱৰে অঞ্চলটোৰ ক্ষেত্ৰত যাতে কোনো আঁচোৰ নপৰে তাৰ কাৰণে বিহিত বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাই আৰক্ষী, জিলা প্ৰশাসনক ৷

লগতে পঢ়ক:Illegal gambling: জুৱাৰ গ্ৰাসত কলগাছিয়াৰ বহু অঞ্চল; বাঁহনিৰ পৰা মৰপাট তলিলৈকে সকলোতে জুৱাৰ আড্ডা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.