ETV Bharat / state

Hoolock Gibbon: দীঘলসাঁকোৰ আটাইতকৈ বয়স্ক হলৌ বান্দৰ কলীয়াৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 2:23 PM IST

তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকু গাঁৱৰ কলীয়া নামৰ হলৌ বান্দৰটোৰ যোৱা নিশা মৃত্য়ু হয় । দীঘলসাঁকু গাঁৱত থকা পৰিয়ালটোৰ আটাইতকৈ বেছি বয়সীয়া হলৌ বান্দৰ আছিল বুলি মন্তব্য় কৰিছে পৰিৱেশকৰ্মীসকলে ।

Hoolock Gibbon in Assam
বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকু গাঁৱৰ হলৌ বান্দৰ

তিনিচুকীয়া, ১৯ ছেপ্টেম্বৰ: দেশ-বিদেশৰ প্ৰকৃতিপ্ৰেমী,পৰ্যটকৰ পৰিচিত বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকো গাঁৱৰ কলীয়া আৰু নাই ৷ সোমবাৰে হঠাৎ অসুস্থ অৱস্থাত দেখা পোৱা কলীয়াই নিশাই প্ৰাণ ত্যাগ কৰে ৷ কলীয়া হৈছে হলৌ উদ্যানখ্যাত তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকো গাঁৱত থকা পৰিয়ালটোৰ আটাইতকৈ বেছি বয়সীয়া হলৌ বান্দৰটো ৷ কলীয়াৰ মৃত্যুৰ পাছতে দীঘলসাঁকু গাঁৱৰ হলৌ বান্দৰৰ সংখ্যা হ্ৰাস পালে তিনিটালৈ ৷

স্থানীয় পৰিৱেশকৰ্মীসকলে উল্লেখ কৰা অনুসৰি সোমবাৰে দিনৰ পৰাই অসুস্থ হোৱাৰ লগতে যথেষ্ট দুৰ্বল হৈ আছিল কলীয়া ৷ স্থানীয় ৰাইজে চিকিৎসক তথা বনবিভাগৰ স’তে যোগাযোগ কৰাৰ পাছতো উপস্থিত নহ’ল কোনো লোক ৷ কিন্তু পুৱাৰ ভাগত এজোপা গছত স্থানীয় ৰাইজে কলীয়াৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ কলীয়াৰ মৃত্যুৰ খৱৰটোৱে স্থানীয় প্ৰকৃতিপ্ৰেমীসকলৰ চকুলো নিগৰে ৷

ইয়াৰ পিচত দীঘলসাঁকো গাঁৱত বন বিভাগৰ লোক আৰু চিকিৎসকৰ দল উপস্থিত হৈ কলীয়াৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে যাৱতীয় ব্যৱস্থা কৰে ৷ এই সন্দৰ্ভত স্থানীয় প্ৰকৃতিপ্ৰেমীসকলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰেকুৰিত হলৌ বান্দৰৰ মৃত্যুৰ কাৰণৰ ওপৰত গৱেষণা কৰিবলৈ দাবী জনাইছে । কিয়নো সঘনাই হলৌ বান্দৰৰ মৃত্যু হোৱা ঘটনাই চিন্তিত কৰিছে বাৰেকুৰিৰ সচেতন মহলক ৷

উল্লেখ্য় যে, বিশ্বৰ বুকুৰ পৰা ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰা বিপন্ন বন্যপ্ৰাণী প্ৰজাতিৰ অন্যতম হৈছে হলৌ বান্দৰ । এইবিধ বান্দৰ পৃথিৱীৰ অদ্বিতীয় বনমানুহ হিচাপে পৰিচিত । এই বিপন্ন প্ৰাণীবিধক অস্তিত্বৰ গৰাহৰ পৰা মুক্ত কৰি প্ৰকৃতিক প্ৰাণৱন্ত কৰি ধৰি ৰখাৰ উদ্দেশ্যে বিশ্বৰ বহু প্ৰকৃতিপ্ৰেমী সংগঠনে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত বহু দশক ধৰি বিচৰণ কৰি অহা এই হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটনৰ ক্ষেত্ৰত এক চিনাকি নাম হৈ পৰিছে ।

লগতে পঢ়ক:Amrit Brikshya Andolan: অমৃত নে গৰল ! অভিলেখ স্থাপনৰ নামত নষ্ট হাজাৰ হাজাৰ গছপুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.