ETV Bharat / state

Blockade of National Highway: দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - fire to tea garden managers vehicle in Hahchara

চাহবাগিচাৰ পৰিচালকৰ বাহনত অগ্নিসংযোগ কৰাক লৈ মঙলবাৰে উত্তপ্ত হৈ পৰিল তিনিচুকীয়াৰ হাঁহচৰা চাৰিআলি । ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত শ শ চাহ শ্ৰমিকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(Road blockade demanding arrest of miscreants) ।

Road blockade demanding arrest of miscreants
দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
author img

By

Published : Feb 22, 2023, 11:04 AM IST

দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

তিনিচুকীয়া,২১ ফেব্ৰুৱাৰী: তিনিচুকীয়াৰ ৰাইডাং চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি । শ শ লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সৃষ্টি কৰে এক উত্তেজনাময় পৰিস্থিতিৰ(NH blocked at Hansra in Tinsukia) । অচিনাক্ত দুৰ্বৃত্তই বাগিচাখনৰ পৰিচালকৰ বাহনত অগ্নিসংযোগ কৰাৰ(Miscreants set fire vehicle in Tinsukia) প্ৰতিবাদত পথ অৱৰোধ কৰে অঞ্চলটোৰ স্থানীয় ৰাইজ তথা বাগিচাখনৰ শ শ শ্ৰমিকে(Road blockade demanding arrest of miscreants) ।

জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত হাঁহচৰাস্থিত বিশ্বৰ চাহ নিলাম বজাৰত প্ৰভাৱশালী ব্ৰকাৰ হিচাপে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা এম কে এক্সপৰ্ট লিমিটেড (MK Shah Export Limited) নামৰ বহুজাতিক চাহ কোম্পানীটোৰ ৰাইডাং চাহ বাগিচাৰ মুখ্য পৰিচালক জগদীশ সিং ফ্লৰোৰাৰ এ এছ ২৩ ডি ২৮১২ নম্বৰৰ জিপচী বাহনখনত বাগিচাখনৰ ৩১ নং চেকচনত সোমবাৰে সন্ধিয়া দুৰ্বৃত্তই অগ্নি সংযোগ কৰিছিল (Miscreants set fire vehicle in RaidangTea Estate) ।

দুৰ্বৃত্তই জিপচী গাড়ীখনলৈ প্ৰথমে শিলগুটি দলিয়াই পৰৱৰ্তী সময়ত জ্বলাই দিয়ে । এই সন্দৰ্ভত জগদীশ সিং ফ্লৰোৰাই মঙলবাৰে ডুমডুমা আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ । ইয়াৰ পাছতেই সহস্ৰাধিক চাহ শ্ৰমিকে হাঁহচৰাৰ চাৰিআলিত উপস্থিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদস্থলীত আক্ৰমণৰ বলি পৰিচালক জগদীশ সিং ফ্লৰোৰাও উপস্থিত থাকে ।

লক্ষণীয়ভাৱে বাগিচাখনৰ মুখ্য পৰিচালক জগদীশ সিং ফ্লৰোৰা নিজেই পথ অৱৰোধস্থলীত উপস্থিত থকাৰ দৃশ্যই আৰক্ষীৰ দলটোক আচৰিত কৰি তোলে ৷ অৱশ্যে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াৰ তৎপৰতাত জগদীশ সিং ফ্লৰোৰাৰ নিৰ্দেশত ওলাই অহা চাহ শ্ৰমিকসকলে পথ অৱৰোধ কাৰ্যসূচী উঠাই লবলৈ বাধ্য হয়(ATTSA demand for prob) ৷ জগদীশ সিং ফ্লৰোৰাই ইয়াৰ পূৰ্বেও দুৰ্বৃত্তই ব্লেকমেইলিং আৰু হত্যাৰ ভাবুকি দিয়া বুলি ডুমডুমা আৰক্ষী থানাত দুখনকৈ এজাহাৰ দাখিল কৰিছিল ৷

তাৰ পাছত পুনৰ সোমবাৰে সন্ধিয়া দুৰ্বৃত্তই জগদীশ সিং ফ্লৰোৰাৰ জিপচী বাহনখনত অগ্নিসংযোগ কৰি জ্বলাই দিয়া ঘটনাই ডুমডুমা আৰক্ষীক বাৰুকৈয়ে বিপাঙত পেলাইছে ৷ ইফালে, জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই জগদীশ সিং ফ্লৰোৰাই দাখিল কৰা এজাহাৰ তিনিখনৰ সৈতে প্ৰতিটো গোচৰৰ বিপৰীতে দিয়া ঘটনাৰ পম খেদি তদন্ত আৰম্ভ কৰিছে ৷ সম্প্ৰতি জগদীশ সিং ফ্লৰোৰাৰ জিপচী গাড়ীখন জ্বলাই দিয়া ঘটনাটোৱে কলকাতাস্থিত এম কে শ্বাহ এক্সপৰ্ট লিমিটেডৰ মুখ্য কাৰ্যালয়তো জোকাৰণি সৃষ্টি কৰিছে ৷

উল্লেখ কৰিব পাৰি যে অহা দুই এদিনৰ ভিতৰতে এম কে শ্বাহ এক্সপৰ্ট লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ বিত্তীয় আৰু বাণিজ্যিক বিভাগৰ মুখ্য সঞ্চালকৰ দল এটাই ৰাইডাং চাহ বাগিচাখন পৰিদৰ্শন কৰাৰ কথা আছে ৷ বহুজাতিক চাহ কোম্পানীটোৰ শীৰ্ষ বিষয়াৰ দলটো ৰাইডাং চাহ বাগিচাত উপস্থিত হোৱাৰ প্ৰাক্‌ক্ষণত দুৰ্বৃত্তই বাগিচাখনৰ মুখ্য পৰিচালক জগদীশ সিং ফ্লৰোৰাৰ বাহনত অগ্নিসংযোগ কৰা ঘটনাই ৰহস্য ঘণীভূত কৰিছে ৷ অৱশ্যে এই সমগ্ৰ ঘটনাৰ আঁৰৰ কাহিনী আৰক্ষীৰ তদন্তৰ পাছতহে উন্মোচিত হ’ব ৷

লগতে পঢ়ক: Interim protection to Akhil Gogoi: বিধায়ক অখিল গগৈলৈ সকাহ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.