তিনিচুকীয়া,11 মে’ : তিনিচুকীয়া জিলাৰ জাগুনৰ কথাকাঠনিত মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক গ্ৰেনেড বিস্ফোৰণ কাণ্ড ৷ বিস্ফোৰণত থিতাতে এজন 12 বছৰীয়া কিশোৰ নিহত হোৱাৰ লগতে আহত হয় এজন যুৱক ৷ নিহত কিশোৰজনৰ নাম সুৰজ হাজং বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, কিশোৰজন হাজং গাঁৱৰ পৰা চাইকেলেৰে বুঢ়ীদিহিং নৈৰ দিশে গৈ থকা অৱস্থাত গ্ৰেনেডটো হাতেৰে স্পৰ্শ কৰে আৰু বিস্ফোৰণ হয় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । কোনে গ্ৰেনেডটো সেই স্থানত থৈ যায়, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য পোহৰলৈ অহা নাই ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জাগুন আৰক্ষীয়ে ৷ আনহাতে আহত যুৱকজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক : ধ্বংসৰ গৰাহত ঐতিহাসিক বিষ্ণুদ’ল