ETV Bharat / state

মাকুমত মাটিত পুতি থোৱা ছিলিণ্ডাৰৰ পৰা নিৰ্গত হৈছে গেছ - gas leaque

তিনিচুকীয়া জিলাৰ শুকান পুখুৰীত মাটিত পুতি থোৱা গেছ ছিলিণ্ডাৰ পৰা গেছ নিৰ্গত হৱোক লৈ অঞ্চলজুৰি চাঞ্চল্য । ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু এন ডি আৰ এফ বাহিনী ৷

মাটিত পুতি থোৱা গেছ ছিলেণ্ডাৰ পৰা গেছ নিৰ্গত হৈ মাকুমত চাঞ্চল্য

author img

By

Published : May 19, 2021, 10:54 PM IST

মাকুম, 19 মে' : বুধবাৰে তিনিচুকীয়া জিলাৰ শুকান পুখুৰী অঞ্চলত খলিল ৰহমান নামৰ ব্যৱসায়ী এজনৰ ঘৰত মাটিত পুতি থোৱা গেছ ছিলিণ্ডাৰ পৰা গেছ নিৰ্গত হৈ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । তিনিচুকীয়া এন ডি আৰ এফ আৰু তিনিচুকীয়াৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুতি থোৱা গেছ ছিলিণ্ডাৰৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলি জানিব দিয়ে ৷

মাটিত পুতি থোৱা গেছ ছিলেণ্ডাৰ পৰা গেছ নিৰ্গত হৈ মাকুমত চাঞ্চল্য

জানিব পৰা মতে, বুধবাৰৰ দিনৰ পৰা এই অঞ্চলটোত বিষাক্ত গেছৰ দুৰ্গন্ধই সমগ্ৰ অঞ্চলটোত আতংকময় পৰিবেশৰ সৃষ্টি হৈ কৰিছিল ৷ ফলত অঞ্চলটোৰ ৰাইজে শংকিত হৈ তিনিচুকীয়া আৰক্ষীক ঘটনা সংক্ৰান্তত ততাতৈয়াকৈ খবৰ দিয়ে ।

তিনিচুকীয়া আৰক্ষী আৰু তিনিচুকীয়া এন ডি আৰ এফ বাহিনী উপস্থিত হৈ মাটিত পুতি থোৱা গেছ ছিলিণ্ডাৰ কেইটা উদ্ধাৰ কৰিবলৈ খনন কাৰ্য চলাব লগীয়া হয় । কি উদ্দেশ্যৰে ব্যৱসায়ী জনে ১৬ টা কৈ গেছ ছিলেণ্ডাৰ মাটিত পুতি থৈছিল তাৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : প্ৰ’টেম অধ্যক্ষ হিচাপে শপত ল'লে ফনীভূষণ চৌধুৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.