ETV Bharat / state

তিনিচুকীয়া সংৰক্ষিত আৰক্ষী নিৱেশত অঘটন - Tinsukai Nasrai gas leak

তিনিচুকীয়া জিলা নশৰাই গাঁৱৰ আৰক্ষীৰ সংৰক্ষিত চাউনিত নিৰ্গত বিষাক্ত ক্লৰিণ গেছ ৷ তিনিচুকীয়া সংৰক্ষিত আৰক্ষী নিৱেশত ক্লৰিণ গেছ নষ্ট কৰি থাকোতেই সংঘটিত হয এই অঘটন ৷

gas-leak-in-police-reserve-in-tinisukia
তিনিচুকীয়া সংৰক্ষিত আৰক্ষী নিৱেশত অঘটন
author img

By

Published : May 24, 2021, 4:55 PM IST

তিনিচুকীয়া, 24 মে': তিনিচুকীয়া সংৰক্ষিত আৰক্ষী নিৱেশত অঘটন । দেওবাৰে সন্ধিয়া তিনিচুকীয়া জিলা নশৰাই গাঁৱৰ আৰক্ষীৰ সংৰক্ষিত চাউনিত বিষাক্ত ক্লৰিণ গেছ নষ্ট কৰি থাকোতেই দ্ৰুতগতিত নিৰ্গত হয় বিষাক্ত ক্লৰিণ গেছ ।

ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক আতংকময় পৰিৱেশ । ঘটনাটো সংঘটিত হোৱাৰ ফলত গাৱঁৰ লোকৰ উশাহ-নিশাহ লোৱাত যথেষ্ট খিনি অসুবিধাৰ সম্মুখীন হোৱাৰ লগতে গাঁও খনৰ কেইবাটাও পশুধনৰ মৃত্যু হয় ।

তিনিচুকীয়া সংৰক্ষিত আৰক্ষী নিৱেশত অঘটন

এই ঘটনাত গুৰুতৰভাৱে দুগৰাকীকৈ আৰক্ষীৰ লোক আহত হয় । আঘাত প্ৰাপ্ত দুয়োগৰাকী আৰক্ষীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । নশৰাই গাঁৱৰ আৰক্ষীৰ সংৰক্ষিত চাউনিত বিষাক্ত ক্লৰিণ গেছ লিক হোৱাৰ ফলত ৰাইজৰ বৃহৎ ক্ষয় ক্ষতি হোৱাত সোমবাৰে এই ঘটনাৰ সন্দৰ্ভত নশৰাই গাঁৱৰ ৰাইজে উচিত তদন্ত কৰা লগতে ক্ষতি পূৰণ প্ৰদান কৰিবলৈ তিনিচুকীয়া জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : নিৰ্মাণৰ তিনি মাহৰ পাচতেই চপৰা চপৰে খহিল পৰিল এটা পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.