শদিয়া,৪ জুলাই : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এজন প্ৰৱক্তাই হেকাৰৰ বলি হোৱা তথ্য পোহৰলৈ আহিছে । হেকাৰৰ দলটোৱে প্ৰৱক্তা জনৰ একাউন্টৰ পৰা নেট বেংকিঙৰ জড়িয়তে ২৫ হাজাৰ টকা উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি কাকপথাৰৰ এজন যুৱকে নিজৰ মটৰ চাইকেলখন বিক্ৰীৰ বাবে OLXত বিজ্ঞাপন দিছিল। তেনে সময়তে দুষ্ট চক্ৰৰ দলটোৰ এজনে ভাৰতীয় সেনাৰ কৰ্মচাৰী বুলি নিজৰ পৰিচয় দি যুৱকজনৰ স'তে মটৰ চাইকেলখন ক্ৰয় কৰিবলৈ যোগাযোগ কৰে। আৰু দুষ্ট চক্ৰৰ দলটোৱে আগধন হিচাপে নেট বেংকিঙৰ যোগেদি পইছা দিব বুলি জানিবলৈ দিয়ে। কিন্তু যুৱকজনৰ নেট বেংকিঙৰ ব্যৱস্থা নথকাত প্ৰবক্তা তপন শৰ্মাৰ কাষ চাপি নেট বেংকিঙৰ যোগেদি ধনসমূহ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।
কিন্তু ধনসমূহ গ্ৰহণ কৰা বাবে চেষ্টা কৰোতেই একাউন্টত ধন সোমোৱাৰ পৰিৱৰ্তে প্ৰবক্তাজনৰ একাউণ্টৰ পৰা পাঁচ হাজাৰ টকা উলাই হে যায় । পুনৰ প্ৰবক্তাজনে ধন গ্ৰহণ কৰিবলৈ চেষ্টা কৰোতে পুনৰ একাউন্টৰ পৰা পাঁচ হাজাৰ টকা উলাই যায়। আৰু এনেদৰে প্ৰবক্তাজনে একাউণ্টৰ পৰা সৰ্বমুঠ পঁচিশ হাজাৰ টকা দুষ্ট চক্ৰটোৱে উলিয়াই লয় বুলি তেওঁ অভিযোগ কৰে। উপায়ন্তৰ হৈ প্ৰবক্তাজনে কাকপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে তিনিচুকীয়া জিলা উপ-আৰক্ষী অধীক্ষককো সাক্ষাৎ কৰি বিষয়টো অৱগত কৰে। শেহতীয়াকৈ প্ৰবক্তা গৰাকীয়ে OLXত বিষয়টো অৱগত কৰাত OLXত থকা দুষ্ট চক্ৰটোৰ একাউন্টতো বন্ধ কৰি দিয়া বুলি জানিবলৈ দিয়াৰ লগতে প্ৰবক্তাজনক সকলোপ্ৰকাৰে সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে OLX কৰ্তৃপক্ষই। ইপিনে প্ৰৱক্তা তৰ্পন শৰ্মাই এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা লবলৈ আহ্বান জনোৱাৰ লগতে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনায় ৷