শদিয়া,4 ছেপ্তেম্বৰঃ তিনিচুকীয়া জিলাত অব্যাহত আছে বনজ সম্পদৰ ৰমৰমীয়া বেহা ৷ শুকুৰবাৰে ডুমডুমা বাইপাছত যাৱতীয় নঠি-পত্ৰ নথকা তিনি খন আৰু বৃহস্পতিবাৰে এখন শিলভৰ্তি গাড়ীসহ মুঠ চাৰিখনকৈ গাড়ী জব্দ কৰি ডুমডুমা বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়লৈ লৈ আনে বন বিভাগৰ দলে ৷
ইপিনে জব্দ কৃত ডাম্পাৰ কেইখনৰ নম্বৰ ক্ৰমে, AS-23BC 3269, AS-23BC7019, AS-23BC8190 আৰু AS-23BC1694 ৷ ডুমডুমা বন কাৰ্যালয়ৰ মুখ্য বিষয়াৰ নেতৃত্বত জব্দ কৰা গাড়ীকেইখনৰ বিৰুদ্ধে বন আইনৰ অধীনত যাবতীয় ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে বন বিষয়াই ৷
শুকুৰবাৰে ধলাৰ পৰা অন্য এখন AS-23CC2843 নম্বৰৰ চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰি বন বিভাগে বন আইনৰ যোগেদি ব্যৱস্থা গ্ৰহণ কৰিছে ৷ উল্লেখযোগ্য যে, চোৰাং শিলৰ ডাম্পাৰ কেইখন মোকলাই নিবৰ বাবে কাৰ্যালয় কৰ্মচাৰীৰ লগত দুষ্ট চক্ৰই সঘনে যোগাযোগ কৰি থকাৰ খবৰ জানিব পৰা গৈছে ৷ সম্প্ৰতি এনে চোৰাং কাঠ, শিলৰ গাড়ীৰ বিৰুদ্ধে বন বিভাগে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়ত হে লক্ষণীয় হ’ব ৷
লগতে পঢ়কঃ দুৱাৰমুখত নিৰ্বাচন : তিনিখন নতুন আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ