তিনিচুকীয়া, 22 আগষ্ট : তিনিচুকীয়াৰ জিলাৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চল জাগুনত শনিবাৰে নিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত ভস্মীভূত হয় তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে এটা গেৰেজ আৰু এখন আই টেন(I10) বাহন ।
অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও স্থানীয় ৰাইজে শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে । জাগুনৰ আহোমপথাৰ তিনিআলিত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ।
অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণৰূপে জাহ যায় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান । অগ্নিকাণ্ডৰ ফলত প্ৰায় বিশ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে ।
লগতে পঢ়ক : কেৰালাত গ্ৰেপ্তাৰ আফগান নাগৰিক আব্বাছৰ হাতত অসমৰ আধাৰ কাৰ্ড