তিনিচুকীয়া,18 মাৰ্চ: তিনিচুকীয়াৰ গেলাপুখুৰীৰ ধেলাখাত তিনিআলিত সন্ধিয়া সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত দুটাকৈ বাসগৃহ জ্বলি ভষ্মীভূত হয় ৷ ঔকিল কুমাৰ আৰু ৰিকি কুমাৰ নামৰ দুজন লোকৰ বাসগৃহ অগ্নিকাণ্ডটোৰ ফলত ভস্মীভূত হয় ৷ ঔকিল কুমাৰ নামৰ লোকজনৰ ঘৰত প্ৰথমে শ্ব’ৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, দুয়োটা ঘৰতেই সেই সময়ত কোনো লোক নাছিল ৷
অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ীয়ে অগ্নি নিৰ্বাপন কৰে যদিও অগ্নিকাণ্ডৰ ফলত কিমান পৰিমাণৰ সা-সম্পত্তি ক্ষতি হৈছে, সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক: প্ৰাক্ নিৰ্বাচনী হিংসাত উত্তাল চামগুৰি