ETV Bharat / state

সোনাৰী মিচিং গাঁৱত ভয়াৱহ অগ্নিকাণ্ড - অগ্নিনিৰ্ব্বাপক বাহিনী

বৃহস্পতিবাৰে নিশা টীয়ক সোনাৰী মিচিং গাঁৱত এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত জাহ যায় বিষেশ্বৰ মিলি, মুখেশ্বৰ মিলি, তিলেশ্বৰ মিলি আৰু লি ৰাজবংশীৰ বাসগৃহ ।

সোনাৰী মিচিং গাঁৱত ভয়াবহ অগ্নিকাণ্ড
সোনাৰী মিচিং গাঁৱত ভয়াবহ অগ্নিকাণ্ড
author img

By

Published : Feb 12, 2021, 10:18 AM IST

টীয়ক,12 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে নিশা টীয়ক সোনাৰী মিচিং গাঁৱত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হেৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷

সোনাৰী মিচিং গাঁৱত ভয়াবহ অগ্নিকাণ্ড

এই অগ্নিকাণ্ডত জাহ যায় বিষেশ্বৰ মিলি, মুখেশ্বৰ মিলি, তিলেশ্বৰ মিলি আৰু লি ৰাজবংশীৰ বাসগৃহ । বৃহস্পতিবাৰে নিশা লগা এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হোৱাৰ লগতে বহু প্ৰয়োজনীয় নথি-পত্ৰ জ্বলি ভষ্মীভূত হয় ৷ লগতে জাহ যায় কেইবাটাও গৰুৰ গোহালি ৷ যাৰ বাবে গাঁওবাসীৰ মাজত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷

উল্লেখ্য যে, অগ্নি নিৰ্বাপক বাহিনীক গাঁওবাসীয়ে খবৰ দিয়াৰ পাছতো বহু পলমকৈ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ যাৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ বিৰুদ্ধে নিশাই টীয়ক সোনাৰী মিচিং গাঁৱৰ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়কঃ নলবাৰীত অসম গণ পৰিষদৰ কৰ্মী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.