ETV Bharat / state

গ্ৰেনেড বিস্ফোৰণত নিহত পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান

ডিগবৈ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত নিহত হোৱা সঞ্জীৱ সিং আৰু সুৰজিত তালুকদাৰৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰ আৰু জিলা উপায়ুক্তৰ সহযোগিতাত ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ৷

author img

By

Published : May 16, 2021, 4:35 PM IST

Updated : May 16, 2021, 5:06 PM IST

গ্ৰেনেড বিস্ফোৰণত নিহত পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান
গ্ৰেনেড বিস্ফোৰণত নিহত পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান

তিনিচুকীয়া, 16 মে’: ডিগবৈ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত নিহত হোৱা সঞ্জীৱ সিং আৰু সুৰজিত তালুকদাৰৰ পৰিয়ালক দেওবাৰে সাক্ষাৎকাৰ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা বিধায়ক সকলে ৷ ডিগবৈ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত নিহত হোৱা সঞ্জীৱ সিং আৰু সুৰজিত তালুকদাৰৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰ আৰু জিলা উপায়ুক্তৰ সহযোগিতাত ৫ লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰা হয় ।

দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষান ,ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন আৰু ৭নং চামডাং জিলা পৰিষদৰ সদস্যা মল্লিকা ফুকনৰ উপস্থিতত দুই মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ।

উল্লেখ্য যে, বিগত 14 মে' তাৰিখে ডিগবৈৰ টিংৰাই বজাৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণত নিহত হৈছিল সঞ্জীৱ সিং আৰু সুৰজিত তালুকদাৰ । শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ মৃতকৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ ৫ লাখ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল । সেই মৰ্মে দেওবাৰে ভুক্তভোগী পৰিয়ালকেইটাক প্ৰদান কৰা হয় আৰ্থিক সাহাৰ্য ৷

লগতে পঢ়ক: নিশা আঢ়ৈ বজাত জিএমচিএইচত কিয় উপস্থিত হ'ল মুখ্যমন্ত্ৰী ?

Last Updated : May 16, 2021, 5:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.