তিনিচুকীয়া,২২ মাৰ্চ: সম্প্ৰতি ভোগবাদী সমাজ ব্যৱস্থাত একাংশ স্বাৰ্থপৰ লোকে নিজ নিজ স্বাৰ্থ পূৰণৰ বাবে প্ৰকৃতিৰ গছ-বন ধ্বংস কৰাৰ লগতে বনৰীয়া জীৱ-জন্তুৰো চোৰাং বেহাত জড়িত হৈ পৰা বুলি সততে অভিযোগ উত্থাপন হৈ আহিছে । কিন্তু তেনে সময়তে তিনিচুকীয়া জিলাৰ বৃহত্তৰ ডাঙৰী অঞ্চলৰ লাউপতি ফুলবাৰী গাঁৱৰ ৰাইজে দেখুৱাইছে প্ৰকৃতি প্ৰেমৰ এক সুন্দৰ নিৰ্দশন (Feral Horses take shelter in Tinsukia) ।
পৃথিৱী বিখ্যাত এজাক বন ঘৰচীয়া ঘোঁৰাক দীৰ্ঘদিনে ৰক্ষণাবেক্ষণ দি প্ৰকৃতি প্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে লাউপতি ফুলবাৰী গাঁৱৰ ৰাইজে । উল্লেখ্য যে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ ভিতৰত ডাঙৰীৰ এই লাউপতি ফুলবৰী এখন অন্যতম গাঁও (Dibru Saikhowa National Park) । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া হোৱাৰ হেতুকে এই গাঁওখনলৈ প্ৰায়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ পৰা বিভিন্ন জীৱ-জন্তু তথা পশু পক্ষীৰ অহা-যোৱা চলি থাকে ।
উক্ত পশু-পক্ষীসমূহৰ ভিতৰত এই বন ঘৰচীয়া ঘোঁৰাৰ জাকটোও অন্যতম । গাঁওবাসীৰ মৰম-আদৰত অভ্যস্ত এই বন ঘৰচীয়া ঘোঁৰাৰ জাকটোয়ে এতিয়া প্ৰায় প্ৰতিদিনেই গাঁওখনৰ ইকোণৰ পৰা সিকোণলৈ নিৰ্বিঘ্নে বিচৰণ কৰি থকা দেখা যায় (Free movement of Feral Horses) । একমাত্ৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতে উপলব্ধ এই বন ঘৰচীয়া ঘোঁৰাৰ প্ৰতি চোৰাং সৰবৰাহকাৰী দল সদায় সষ্টম যদিও লাউপতি ফুলবাৰী গাঁৱৰ ৰাইজৰ সচতেনতা আৰু ৰক্ষণাবেক্ষণৰ বাবে আজিৰ দিনতো এই বন ঘৰচীয়া ঘোঁৰাৰ জাকটোৱে মুক্তমনে জনবসতিপূৰ্ণ এলেকাত বিচৰণ কৰিবলৈ সক্ষম হোৱাটো নিশ্চয়কৈ এক শুভ লক্ষণ (Feral Horses shown in Tinsukia)।
উল্লেখ্য যে, এই লাউপতি ফুলবৰী গাঁৱৰ পৰাই আজিৰ পৰা প্ৰায় দুবছৰৰ পূৰ্বে, অৰ্থাৎ ২০২০ বৰ্ষত গুৱাহাটীৰ পৰা অহা এটা অসাধু চক্ৰই চল-চাতুৰিৰে ৬ টাকৈ বন ঘৰচীয়া ঘোঁৰা গাড়ীত উঠাই লৈ যাবলৈ চেষ্টা কৰিছিল । কিন্তু গাঁওবাসীৰ লগতে বৃহত্তৰ অঞ্চলটোৰ কেইজনমান সচেতন ব্যক্তিৰ তৎপৰতাত বন ঘৰচীয়া ঘোঁৰাকেইটা সৰবৰাহত বাধা প্ৰদান কৰিবলৈ সক্ষম হৈছিল ।
গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, প্ৰতিবছৰে খৰালিৰ সময়ত এই বন ঘৰচীয়া ঘোঁৰাৰ জাকটোৱে লাউপতি ফুলবাৰী গাঁৱত বিচৰণ কৰে আৰু বাৰিষা অহাৰ লগে লগে অন্য স্থানলৈ ৰাওনা হয় । ফুলবাৰী গাঁৱত এইদৰে বন ঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণৰ খবৰে এতিয়া আশাৰ সঞ্চাৰ কৰিছে প্ৰকৃতিপ্ৰেমী তথা পৰ্যটক মহলৰ মাজত ।