ETV Bharat / state

Road accident in Tinsukia: নেপালৰ পৰা আহিছিল বিয়া খাবলৈ; পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পিতৃ-মাতৃ-পুত্ৰৰ

author img

By

Published : May 15, 2023, 5:49 PM IST

পুৱাই ছৈখোৱাৰ ধলা শদিয়া সংযোগী ড° ভূপেন হাজৰিকা সেঁতুৰ সমীপৰ বোকাপথাৰত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় একেটা পৰিয়ালৰে পিতৃ-মাতৃ-পুত্ৰ (Father-mother-son duo killed in road accident in Tinsukia) ৷ নেপালৰ পৰা শদিয়ালৈ আহি আত্মীয়ৰ বিয়া খাই পুনৰ নেপাললৈ উভতি যোৱাৰ সময়ত সংঘটিত হয় এই শোকাৱহ দূৰ্ঘটনা ৷

Father-mother-son duo killed in road accident in Tinsukia
পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পিতৃ-মাতৃ-পুত্ৰৰ

তিনিচুকীয়া, ১৫ মে’: সোমবাৰে পুৱাই তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ ধলা শদিয়া সংযোগী ড° ভূপেন হাজৰিকা সেঁতুৰ সমীপৰ বোকাপথাৰৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী মহিলাসহ আন এজন । ইফালে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ সময়তে মৃত্যু হয় অন্য এগৰাকী লোকৰ (Father-mother-son duo killed in road accident in Tinsukia) ৷

জানিব পৰা মতে নিহত আটাইকেইগৰাকী একেটা পৰিয়ালৰে পিতৃ-মাতৃ আৰু পুত্ৰ ৷ আটাইয়ে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ নেপালৰ পৰা আহি শদিয়াৰ শান্তিপুৰৰ আত্মীয়ৰ ঘৰত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনৰ আজি পুৱা তিনিচুকীয়া ট্ৰেইন ষ্টেচনত উপস্থিত হৈ ৰে'লেৰে নেপাললৈ বুলি উভতনি যাত্ৰা কৰিবলৈ অহাৰ সময়ত ছৈখোৱা ধলাৰ বোকাপথাৰ নামৰ ঠাইত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় (Road accident in Tinsukia) ।

এখন ডাম্পাৰ আৰু বলেৰ’ পিক্আপ ভান বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত পুৱা প্ৰায় ৭:৫৫ বজাত এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱা ডাম্পাৰৰ নম্বৰ AS23CC1737 আৰু ডি আই বাহনখন নম্বৰ বিহীন (3 killed in road accident) ৷

জানিব পৰা মতে বলেৰ’ পিক্আপ ভান বাহনত মুঠ পাঁচগৰাকী যাত্ৰী আছিল আৰু আটাইকেইগৰাকী নেপালৰ বাসিন্দা একেটা পৰিয়ালৰে সদস্য ৷ বহু সময়লৈকে বলেৰ’ পিক আপ ভান বাহনত আবদ্ধ হৈ থাকে বাহনৰ চালকৰ মৃতদেহ ৷ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো (Road accident at Sadiya) ৷

আনহাতে সংকটজনক অৱস্থাত এতিয়াও তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে দুগৰাকীকৈ আহত লোক ৷ নিহতসকল ক্ৰমে পিতৃ দিল বাহাদুৰ সোণাৰ , মাতৃ দলমায়া সোণাৰ আৰু চালকৰ আসনত থকা পুত্ৰ বিনোদ সোণাৰ ৷ শদিয়া আৰক্ষী জিলা প্ৰশাসনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে বৰষুণৰ বতৰত তীব্ৰবেগত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: ATM fraud at Teok: ATM কাৰ্ড সলনি প্ৰৱঞ্চকে এগৰাকী ব্যক্তিৰ পৰা লুটিলে বুজন পৰিমাণৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.