ETV Bharat / state

কৃষক আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে ! - 150 টকাকৈ ধন দাবী কৰাৰ অভিযোগ

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত টিংখাঙত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ ৷ দিল্লীবাৰী পঞ্চায়তত আঁচনিৰ ধনৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ ৷ প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে ভূৱা কৃষকে আঁচনিৰ ধন লাভ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Farmers victim of corruption in the PM Kisan Samman Nidhi scheme at tinkhong dillibari gaon panchayat
কৃষক আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে
author img

By

Published : May 12, 2020, 11:13 AM IST

টিংখাঙ, 12 মে' : প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত ৰাজ্যৰ অলিয়ে-গলিয়ে শিপাইছে দুৰ্নীতিৰ বেহা ৷ একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু মধ্যভোগী দালালৰ বাবে প্ৰায় সমূহ পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্যজনে এই ধন লাভ কৰাৰ অভিযোগ উখাপন হৈ আহিছে ৷

কৃষক আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে

এইবাৰ এনেকুৱা এক তথ্য পোহৰলৈ আহিছে চিংখাঙৰ দিল্লীবাৰী পঞ্চায়তত ৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ফৰ্মৰ বাবদ প্ৰতিজন হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ পঞ্চায়তটোৰ প্ৰতিনিধিৰ বিৰুদ্ধে ৷

পঞ্চায়ত খনৰ অধীনৰ 4 নং চপাতলি গাঁৱৰ ৰাইজে অভিযোগ কৰা মতে, অঞ্চলটোৰ এজন বিজেপি কৰ্মকতাই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ বিনামূলীয়া ফৰ্ম সমূহৰ বিনিময়ত কৃষক সকলৰ পৰা 50 টকাকে ধন সংগ্ৰহ কৰিছিল ৷ আনকি টকা লৈ ফৰ্ম বিতৰণ কৰাৰ পিচতো কৃষকে সেই ধন লাভ নকৰা বুলি উল্লেখ কৰে ভুক্তভোগী কৃষকে ৷ তাৰ পৰিৱৰ্তে চৰকাৰী চাকৰিয়াল, ভূৱা কৃষকে আঁচনিৰ ধন লাভ কৰা বুলি স্থানীয় ভুক্তভোগী ৰাইজে অভিযোগ প্ৰদান কৰে ৷

আনহাতে, পঞ্চায়তটোত দীৰ্ঘদিনৰ পৰা বিধৱা পেঞ্চনৰ নামতো বৃহৎ দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ এগৰাকী বিধৱা মহিলাৰ ৷ বিধৱা পেঞ্চনৰ ফৰ্মৰ বাবদ প্ৰতিনিধিয়ে 150 টকাকৈ ধন দাবী কৰাৰ অভিযোগ ৷ মহিলাগৰাকীয়ে ধন দিবলৈ সামৰ্থ নোহোৱাৰ বাবে তেওঁক সকলো ধৰণৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰা বুলি ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ প্ৰদান কৰে ৷

লগতে পঢ়ক : অংগনাৱাদী কেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.