ডুমডুমা, 14নৱেম্বৰঃ আলফা(স্বা:)ৰ নামত ৩০ লাখ টকা ধন দাবী কৰি ডুমডুমাত আটক তিনিজন যুৱক । আটকাধীন যুৱক কেইজন কাকপথাৰ বৰালিৰ পাপুকন মৰাণ, লাজুমপথাৰৰ উৎপল গোঁহাই আৰু তালাপৰ দেৱজিৎ গোঁহাই ।
উল্লেখযোগ্য যে, ডুমডুমা ৰূপবনৰ এজন লোকক ম'বাইল ফোনযোগে আলফা(স্বা:)ৰ নামত ৩০ লাখ টকা দাবী কৰিছিল যুৱক কেইজনে । ৰূপবনৰ লোকজনে ধন দাবী সম্পৰ্কে ডুমডুমা থানাত এখন এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিক্তিত আৰক্ষীয়ে ধন দাবী কৰা ম'বাইল নম্বৰ ট্ৰেক কৰি যুৱক তিনিজনক আটক কৰে ।
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ধনদাবী ঘটনাটোৰ লগত মুঠ চাৰিজন যুৱক জড়িত হৈ আছে যদিও এজন বৰ্তমান পলাতক হৈ আছে । উল্লেখযোগ্য যে, ডুমডুমা অঞ্চলত বিগত কিছুদিনৰ পৰা অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়কঃ সংকটৰ গৰাহত মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ