ETV Bharat / state

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃকণমানি দুই ভগ্নীক সহায়ৰ হাত বহুজনৰ - পম্পী আৰু পৰশমণি

ই টিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱা 24 ঘণ্টা নৌহওঁতেই শাক-পাচলি বিক্ৰী কৰা দুই ভগ্নী পম্পী আৰু পৰশমণিক সহায়ৰ বাবে আগবাঢ়ি আহিল সহৃদয়বান বহু ব্যক্তি ৷ সমাজসেৱক দুলু আহমেদে নিজৰ প্ৰতিনিধি প্ৰেৰণ কৰি পৰিয়ালটোক 10হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে দুই ভগ্নী মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱা লৈকে প্ৰতি মাহে 3হাজাৰ টকাকৈ খৰছ বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

ETV Bharat's News Impact
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ
author img

By

Published : May 22, 2020, 8:02 PM IST

শদিয়া,22মে': পুনৰ ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ই টিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱা 24 ঘণ্টা নৌহওঁতেই শাক-পাচলি বিক্ৰী কৰা দুই ভগ্নী পম্পী আৰু পৰশমণিক সহায়ৰ বাবে আগবাঢ়ি আহিল সহৃদয়বান বহু ব্যক্তি ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ খেৰজান গাওঁৰ দিন হাজিৰা কৰা অনন্ত বড়া আৰু অনন্ত বড়া আৰু জয়া বড়াৰ দুই কন্যা পম্পী আৰু পৰশমণিয়ে বজাৰত শাক-পাচলি বিক্ৰী কৰি থকাৰ এক বাতৰি 21 মে'ত সম্প্ৰচাৰ হৈছিল ই টিভি ভাৰতত৷ তাৰপিছতে কণমানি পম্পী আৰু পৰশমণিক সহায়ৰ বাবে আগবাঢ়ি আহিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা সমাজ সেৱক দুলু আহমেদ৷ সমাজসেৱক দুলু আহমেদে নিজৰ প্ৰতিনিধি প্ৰেৰণ কৰি পৰিয়ালটোক 10হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে দুই ভগ্নী মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱা লৈকে প্ৰতি মাহে 3হাজাৰ টকাকৈ খৰছ বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইয়াৰ লগতে ই টিভি ভাৰতৰ বাতৰিত প্ৰভাৱিত হৈ কাকপথাৰৰ শান্তনু দহোটীয়া নামৰ এগৰাকী যুৱকে এখন বাইচাইকেল প্ৰদান কৰে দুই ভগ্নীক ৷ ইপিনে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য নিবাহক সদস্য বিনয় ডুবেও ছাত্ৰ সন্থাৰ তৰফৰ পৰা কিছু অনুদান আগবঢ়াই পম্পী আৰু পৰশমণিক৷ আনহাতে, এনেদৰে বিভিন্নজনৰ সহায় পাই কণমানি পম্পীৰ মুখত বিৰিঙি উঠিল এটুকুৰা হাঁহি ৷ ধন্যবাদ জনালে সহায়ৰ হাত আগবঢ়োৱা প্ৰতিজন ব্যক্তিৰ লগতে সাংবাদিকসকলক৷ ইপিনে কাকপথাৰৰ সচেতন মহলেও সমাজসেৱক দুলু আহমেদৰ লগতে দুই ভগ্নীক সহায়ৰ হাত আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃকণমানি দুই ভগ্নীক সহায়ৰ হাত বহুজনৰ

লগতে পঢ়কঃপদপথত দুই ভগ্নীৰ জীৱন সংগ্ৰাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.