ETV Bharat / state

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : May 5, 2021, 9:39 PM IST

অসম তথা উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা আদিম ভূমিপুত্ৰ মৰাণ জনজাতিৰ একমাত্ৰ ঐক্যবদ্ধ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাই গৌৰৱোজ্বল ৫৩ টা বৰ্ষত ভৰি দিয়ে । বুধবাৰে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস তিনিচুকীয়াৰ বৰগুৰিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাংগণত প্ৰশাসনৰ নীতি-নিৰ্দেশনা পালন কৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় ৷

established-day-of-moran-student-union
তিনিচুকীয়াত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

তিনিচুকীয়া,5 মে’: অসম তথা উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা আদিম ভূমিপুত্ৰ মৰাণ জনজাতিৰ একমাত্ৰ ঐক্যবদ্ধ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাই বুধবাৰে গৌৰৱোজ্বল ৫৩ টা বৰ্ষত ভৰি দিয়ে । তদুপলক্ষে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস তিনিচুকীয়াৰ বৰগুৰিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাংগণত প্ৰশাসনৰ নীতি-নিৰ্দেশনা পালন কৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় ।

পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰাৰ পিছতেই সংগঠনটোৰ বাৰ্ষিক মুখপত্ৰ "গান্ধৈ" উন্মোচন কৰে তিনিচুকীয়া প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি কমল তালুকদাৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ দ্বাৰ নিবেদিত "সোণকণ" নামেৰে এটি মৰাণ জনগোষ্ঠীৰ থলুৱা বিহুগীতৰ উন্মোচন কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে ।

ইফালে অনুষ্টুপীয়াকৈ আয়োজন প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে বিভিন্ন জাতি-জনগোষ্ঠীয় দল-সংগঠনৰ নেতৃবৃন্দৰ লগতে তিনিচুকীয়াৰ সংবাদকৰ্মীসকল ।

লগতে পঢ়ক: বেংগালুৰুৰ হাস্পতালত বিচনা বুকিং কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.