ETV Bharat / state

ভয়ংকৰ গৰা খহনীয়াৰ কবলত শদিয়াবাসী - শদিয়া

কয়লাবস্তি গাঁৱৰ সমীপত ইতিমধ্যে পি এম জি এছ ৱাই আঁচনিৰ অধীনত নৱনিৰ্মিত এই পথছোৱাৰ প্ৰায় আধা অংশ খহনীয়াৰ কবলত পৰিছে আৰু পথছোৱা ছিঙি যোগাযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম ঘটিছে ৷ লগতে উক্ত গ্ৰাম্য অঞ্চলটোৰ কৃষিপ্ৰধান ৰাইজৰ ঘৰ-ভেটিৰ লগতে খেতিপথাৰলৈ তীব্ৰ ভাবুকি কঢ়িয়াইছে নৈখনে।

Erosion in Sadia kundil river
শদিয়া
author img

By

Published : Aug 10, 2020, 2:10 PM IST

শদিয়া, 10 আগষ্টঃ ভয়ংকৰ গৰা খহনীয়াৰ কবলত শদিয়াৰ কুণ্ডিল নৈৰ নৈপৰীয়া ৰাইজ । কুণ্ডিল নৈৰ গাতে লাগি থকা ঘাইপথছোৱা গৰা খহনীয়াৰ ফলত এতিয়া নিঃশেষ হোৱাৰ দিশে আগবাঢ়িছে । এই বছৰটোতে বিগত এমাহত নৈখনৰ খহনীয়াৰ কবলত পৰি উক্ত গাঁও দুখনৰ প্ৰায় ১২ টা পৰিয়ালৰ ঘৰ-বাৰী,সা-সম্পত্তি নৈৰ বুকুত জাহ গ’ল ৷ এই সকলোবোৰ উছন হোৱাৰ পিছত এতিয়া পশ্চিম শদিয়াৰ এই বৃহত্তৰ অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ বিষ্ণুপুৰ-হৰিপুৰ সংযোগী গড়কাপ্তানী পথটোলৈ কুণ্ডিল নদীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।

ভয়ংকৰ গৰা খহনীয়াৰ কবলত শদিয়াবাসী

লগতে পঢ়কঃ বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক পৰিসংখ্যা

কয়লাবস্তি গাঁৱৰ সমীপত ইতিমধ্যে পি এম জি এছ ৱাই আঁচনিৰ অধীনত নৱনিৰ্মিত এই পথছোৱাৰ প্ৰায় আধা অংশ খহনীয়াৰ কবলত পৰিছে আৰু পথছোৱা ছিঙি যোগাযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম ঘটিছে ৷ লগতে উক্ত গ্ৰাম্য অঞ্চলটোৰ কৃষিপ্ৰধান ৰাইজৰ ঘৰ-ভেটিৰ লগতে খেতিপথাৰলৈ তীব্ৰ ভাবুকি কঢ়িয়াইছে নৈখনে। খহনীয়া ৰোধৰ স্থায়ী সমাধান বিচাৰি ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ চৰ্তেও আজিলৈকে বিভাগীয় কতৃপক্ষ,প্ৰশাসন তথা জনপ্ৰতিনিধি সকলে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.