ETV Bharat / state

ডিগবৈত বন্যহস্তীয়ে গচকি প্ৰাণ ল’লে অইলৰ কৰ্মচাৰীৰ - ডিগবৈ অইল ফিল্ড

ডিগবৈ অইল ফিল্ডত বন্যহস্তীৰ গচকত এজন কৰ্মচাৰী নিহত ৷ এখন বলেৰ’ বাহনেৰে এটি ছয়জনীয়া কৰ্মচাৰীৰ দলৰ বন্যহস্তীৰ সৈতে মুখামুখি হৈছিল ৷ দলটোৰ বাকী 5 জন কৰ্মচাৰীয়ে পলায়ন কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে ৷

Elephant killed an oil worker in Digboi
ডিগবৈত বন্যহস্তীয়ে গচকি প্ৰাণ ল’লে এজন অইল কৰ্মচাৰীৰ
author img

By

Published : Oct 15, 2020, 1:21 PM IST

তিনিচুকীয়া,15 অক্টোবৰ: বুধবাৰে ডিগবৈ অইল ফিল্ডত বন্যহস্তীৰ আক্ৰমণত এজন অইল কৰ্মচাৰী নিহত হোৱাৰ লগতে কথমপি ৰক্ষা পৰে আন 5 জন কৰ্মচাৰী ৷

Elephant killed an oil worker in Digboi
ডিগবৈত বন্যহস্তীয়ে গচকি প্ৰাণ ল’লে এজন অইল কৰ্মচাৰীৰ

ঘটনা অনুসৰি,বুধবাৰে বিয়লি প্ৰায় 5.30 বজাত দুলীয়াজান অইলৰ পৰা ডিগবৈ অইল ফিল্ডৰ কৰ্মস্থলীলৈ AS-06-BC-5901 নম্বৰৰ এখন বলেৰ’ বাহনেৰে এটি ছয়জনীয়া দল আহি আছিল । কিন্তু দূৰ্ভাগ্যবশতঃ ঘন ডাঠ বনাঞ্চলে আগুৰি থকা ডিগবৈ অইল ফিল্ডৰ নিৰ্জন স্থানত এজাক বন্যহস্তীয়ে বিচৰণ কৰি থকা অৱস্থাত হাতীজাকৰ সৈতে গাড়ীখনৰ মুখামুখি হয় ।

হাতীজাকে গাড়ীখন আক্ৰমণ কৰাৰ উদ্দেশ্যে খেদি অহাত নিজৰ প্ৰাণ বচাবলৈ গাড়ীখন ৰখাই আটাইকেইজন পলাবলৈ চেষ্টা কৰে । কিন্তু হাতীজাকৰ আক্ৰমণত অইলৰ আই.টি. বিভাগৰ কৰ্মচাৰী মাধুৰ্য গগৈ (30) থিতাতে নিহত হয় ৷ বাকী কেইজন অইল কৰ্মচাৰী পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা কৰে বুলি তেওঁলোকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ধনদা পাঠকলৈ লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.