ডুমডুমা,14আগষ্ট :বৰডুমচাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰিতু কঠালগুৰিত পুৱতি নিশা বন্য হস্তীয়ে চলায় তাণ্ডৱ ৷ বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰে বহুকেইটা পৰিয়ালৰ বাসগৃহ ৷ বন্যহস্তীৰ আক্ৰমণত বাসগৃহকেইটাৰ বহু ক্ষয়-ক্ষতি হয় ৷ হঠাৎ হাতীৰ জাকটোৱে অঞ্চলবাসীৰ ওপৰত আক্ৰমণ চলোৱাৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৰমেন ফুকনৰ পত্নী আৰু তিনিটাকৈ শিশু ৷
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে হাতীৰ জাকটো ৷ ইফালে,বনৰীয়া হাতীৰ সন্ত্ৰাসত আতংকিত হৈ পৰে অঞ্চলবাসী ৷ বন-বিভাগক এই সন্দৰ্ভত বহুবাৰ জনোৱা হয় যদিও কোনো গুৰুত্ব গ্ৰহণ নকৰে বিভাগটোৱে ৷