তিনিচুকীয়া,5 ডিচেম্বৰ : নাহৰকটীয়াৰ জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰচৰাত 3 ডিচেম্বৰত পুৱাৰ ভাগত উদ্ধাৰ হয় এটা হাতীৰ মৃতদেহ । হাতীটোৰ মৃত্যুৰ কাৰণ হিচাপে পশু চিকিৎসকে যি ৰোগৰ কথা সন্দেহ ব্যক্ত কৰিছে তাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছে সমগ্ৰ জয়পুৰ অঞ্চলত । এন্থ্ৰাক্স (anthrax) ৰোগত আক্রান্ত হৈ হাতীটোৰ মৃত্য়ু হোৱা বুলি পশু চিকিৎসকে আশংকা প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে, জয়পুৰ বৰ্ষাৰণ্যৰ মাজেৰে জয়পুৰৰ পৰা নামচাঙলৈ যোৱা পথৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ সীতাকুণ্ড অঞ্চলৰ ঘন অৰণ্যৰ ভিতৰত বন বিভাগৰ লোকে এটা হাতী মৃত অৱস্থাত পৰি থকাৰ তথ্য লাভ কৰি উদ্ধাৰ অভিযানত নামি পৰে । মনকৰিবলগীয়া কথা এয়ে যে, ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰি প্ৰথমাৱস্থাত মৃত্যুৰ কাৰণ আন কোনো জন্তুৰ সৈতে সংঘৰ্ষ বুলি সন্দেহ কৰা হৈছিল । ইয়াৰ পাচত তিনিচুকীয়াৰ গুইজান আৰু নাহৰকটীয়াৰ পৰা অহা পশু চিকিৎসকে হাতীটো এন্থ্ৰাক্স এক ৰোগৰ চিকাৰ হৈ মৃত্যুমুখত পৰাৰ সন্দেহ ব্যক্ত কৰাত সকলোৰে মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।
চিকিৎসকে প্ৰকাশ কৰা মতে, পূৰ্বতে এই ৰোগত আক্ৰান্ত কোনো আন জীৱ-জন্তু অথবা আক্ৰান্ত হৈ মৃত্যুমুখত পৰা কোনো জন্তুৰ মৃতদেহৰ স্পৰ্শলৈ অহা পানী বা ধূলিৰ পৰাও এই ৰোগ বিয়পাৰ যথেষ্ট আশংকা থাকে । ইয়াৰ পৰিপ্ৰেক্ষিতত মৃত হাতীটোৱে এনে কোনো কাৰণত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ আশংকা থকাৰ লগতে হাতীটোৰ মৃতদেহৰ পৰাও ভৱিষ্যতে বনাঞ্চলখনৰ অধিক জীৱ-জন্তু আৰু কাষৰীয়া বাসিন্দা আক্ৰান্ত হোৱাৰ ভয়ংকৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে ।
তথ্য অনুসৰি, 2017 চনৰ এপ্ৰিল মাহৰ পৰা 2020 চনৰ জুন মাহৰ ভিতৰত এই ৰোগত আক্ৰান্ত হৈ উৰিষ্যাত 20 টাকৈ হাতীৰ মৃত্যু হৈছিল । ঠিক সেইদৰে তানজানিয়া আৰু বক্সৱানাত এই ৰোগত শতাধিক আফ্ৰিকান হাতীৰ মৃত্যুমুখত পৰিছিল । এই আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জয়পুৰ বন বিভাগে মৃত হাতীটো পুতি থোৱাৰ পৰিৱৰ্তে জ্বলাই দিয়ে ।
চিকিৎসকে জানিবলৈ দিয়ে যে, এই ৰোগত আক্ৰান্ত জীৱ-জন্তুৰ মৃতদেহ পুতি ৰখাৰ দহ বছৰ পাচতো ইয়াৰ অৱশিষ্ট মাটিৰ সংস্পৰ্শলৈ আহি অন্যান্য জীৱ-জন্তু আৰু মানুহলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে ।
লগতে পঢ়ক : কংগ্ৰেছত যোগদান প্ৰাক্তন বিজেপি-এআইইউডিএফৰ দুই নেতাৰ