ETV Bharat / state

Heavy storm in Tinsukia: বৰদৈচিলাৰ তাণ্ডৱ; 24 এপ্ৰিলত বন্ধ থাকিব তিনিচুকীয়াৰ সমূহ বিদ্যালয় - শিক্ষানুষ্ঠানৰ বন্ধ ঘোষণা

তিনিচুকীয়া জিলাত প্ৰকৃতিৰ ৰুষ্ট ৰূপ ৷ অহা 24 এপ্ৰিলত বতৰৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে (Educational institutions will close on 24th April) ৷

বৰদৈচিলাৰ তাণ্ডৱ; 24 এপ্ৰিলত তিনিচুকীয়া জিলাৰ সমূহ বিদ্যালয় বন্ধৰ ঘোষণা
24 এপ্ৰিলত বন্ধ থাকিব তিনিচুকীয়াৰ সমূহ বিদ্যালয়
author img

By

Published : Apr 23, 2023, 10:52 PM IST

তিনিচুকীয়া, ২৩ এপ্ৰিল: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিয়ে তাণ্ডৱ ৰূপ লৈছে (Heavy storm in Tinsukia) ৷ প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে ব্যাপক ক্ষতি সাধন কৰিছে ৰাজ্যবাসীৰ ৷ শিলাবৃষ্টিয়ে ৰাইজৰ অনিষ্ট কৰাৰ লগতে প্ৰাণ লৈছে কেইবাজনো লোকৰ ৷ গতিকে এই সকলো পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তথা ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি তিনিচুকীয়া জিলাত কাইলৈ অৰ্থাৎ সোমবাৰে সকলো শিক্ষানুষ্ঠানৰ বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে (Educational institutions will close on 24th April) ৷

শনিবাৰে নিশাৰভাগত তিনিচুকীয়া জিলাখনৰ অধিকাংশ অঞ্চলতেই অহা প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত ব্যক্তিগত আৰু ৰাজহুৱা যথেষ্ট সম্পত্তিৰ ক্ষতি হয় (Heavy Storm and hailstorm in Tinsukia) ৷ যাৰ বাবে জিলাপ্ৰশাসন, বিদ্যুত বিভাগ, বন বিভাগ, জৰুৰীকালীন বিভাগকে আদি কৰি সকলো বিভাগে ব্যস্ত হৈ পৰিছে পৰিস্থিতিৰে মোকাবিলা কৰাত ৷

প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত বহু গছ ভাঙি বা উভালি পৰা ফলত বহু ঘৰ-বাৰী নষ্ট হোৱাৰ লগতে ৰাজপথ বন্ধ হৈ পৰিছে ৷ লগতে বিদ্যুতৰ খুঁটাও ভাঙি পৰিছে বহু স্থানত (Educational institutions will close Due to Storm) ৷

জিলাখনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কাষৰীয়া জিলা ডিব্ৰুগড়ৰ পৰা বিভাগীয় লোকৰ দল অনাৰ লগতে ইতিমধ্যে গুৱাহাটীৰ পৰা এটা দল তিনিচুকীয়ালৈ ৰাওনা হোৱা বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত স্বপ্নীল পালে ৷

ইফালে ধুমুহাৰ তাণ্ডৱৰ ফলত তিনিচুকীয়া জিলাৰ ডুমডুমা বৰহাপজান মোলানপথাৰ গাঁৱত বিজয় মানকি নামৰ এজন ব্যক্তি বতাহ ধুমুহা দি থকাৰ সময়ত ঘৰৰ বাহিৰলৈ ওলাই আহোঁতেই এজোপা প্ৰকাণ্ড গছ পৰি ঠাইতেই মৃত্যু হয় ৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বিজয় মানকিৰ ঘৰত পত্নী, পুত্ৰ, নাতিসহ ছয়জন লোক আছিল ৷

আনহাতে, একেজাক ধুমুহাতে ডুমডুমাৰ বাদলাবেটাত মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকাৰ সময়ত গছৰ ডাল পৰি আন এজন যুৱকৰ মৃত্যু হয় । যুৱকজন ডুমডুমাৰ পৰা বৰডুবিৰ নিজা ঘৰলৈ গৈ থকাৰ সময়ত সংঘটিত হয় এই ঘটনাটো (Heavy Storm and hailstorm in Doom Dooma) ।

লগতে পঢ়ক: Road accident at Rangia: শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে পিতৃ কন্যাৰ

মটৰ চাইকেলৰ পাচফালৰ আসনত বহি থকা দেৱ কুমাৰ ঠাকুৰ নামৰ যুৱকজনৰ ওপৰত গছৰ ডাল ভাঙি পৰে ৷ গছৰ ডাল মূৰত লগাৰ ফলত মটৰ চাইকেলৰ পৰা পৰি যুৱকজনৰ মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত ধুমুহাত মৃত দুয়োৰে দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.