ETV Bharat / state

ডুমডুমাত কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট: দুৰ্গা ভূমিজ

বিগত ২০১১ চনৰ বিধানসভাৰ নিৰ্বাচনত তেতিয়াৰ কংগ্ৰেছী নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুগত বুলি পৰিচিত ডুমডুমাৰ এজন শ্ৰমিক নেতাক প্ৰদান কৰা হৈছিল কংগ্ৰেছৰ দলীয় টিকট ৷ যাৰ বাবে টিকট লাভৰ পৰা বঞ্চিত হৈছিল দুৰ্গা ভূমিজ ৷ কিন্তু নিৰ্বাচনত পৰাজিত হৈছিল কংগ্ৰেছী প্ৰাৰ্থীগৰাকী ৷

Durga Bhumis Reaction dumduma tinsukia assam etv bharat news
ডুমডুমাত কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট: দুৰ্গা ভূমিজ
author img

By

Published : Feb 10, 2021, 2:30 PM IST

ডুমডুমা,10 ফেব্ৰুৱাৰী: সাংবাদিকৰ সন্মুখত অসহায় স্বীকাৰোক্তি ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজৰ ৷ সুদীৰ্ঘ দিনে কংগ্ৰেছৰ অধীনত থকা ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিৰ লগতে প্ৰদেশ কংগ্ৰেছত অব্যাহত থকা দলীয় অন্তঃকন্দলৰ কথা স্বীকাৰ ভূমিজৰ ৷ ফিল'বাৰীত বিধায়ক উন্নয়ন পুঁজিৰে নিৰ্মাণ হ’বলগীয়া ছয়টাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এনে অসহায় স্বীকাৰোক্তি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, বিগত ২০১১ চনৰ বিধানসভাৰ নিৰ্বাচনত তেতিয়াৰ কংগ্ৰেছী নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুগত বুলি পৰিচিত ডুমডুমাৰ এজন শ্ৰমিক নেতাক প্ৰদান কৰা হৈছিল কংগ্ৰেছৰ দলীয় টিকট ৷ যাৰ বাবে টিকট লাভৰ পৰা বঞ্চিত হৈছিল দুৰ্গা ভূমিজ ৷ কিন্তু নিৰ্বাচনত পৰাজিত হৈছিল কংগ্ৰেছী প্ৰাৰ্থীগৰাকী ৷ বৰ্তমান সেই পৰাজিত প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছ দলৰ সদস্য হৈ থাকি বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি দলৰ ভিতৰুৱা খবৰবোৰ বিৰোধীক প্ৰদান কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে ভূমিজে ৷ নাম প্ৰকাশ নকৰাকৈ ভূমিজে কয় যে, কংগ্ৰেছৰ স্থিতি ডুমডুমাত অত্যন্ত শক্তিশালী ৷ সেই শক্তিশালী স্থিতিৰ আঁৰত তেওঁৰ লগতে দলীয় কৰ্মীসকলৰ অক্লান্ত পৰিশ্ৰম লুকাই আছে ৷

ডুমডুমাত কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট

সেয়ে দীৰ্ঘদিনে কংগ্ৰেছৰ দখলত থকা এই সমষ্টিটো দখল কৰাৰ মানসেৰে বিজেপিয়ে নানা কূট-কৌশল প্ৰয়োগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ তাৰে অংশ হিচাপে ২০১১ ৰ নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীগৰাকীক পুনৰ সমাগত নিৰ্বাচনৰ টিকটৰ দাবীদাৰ হিচাপে থিয় কৰাই ডুমডুমা সমষ্টিত ভোট বিভাজন কৰিবলৈ বিজেপি দলে চেষ্টা চলাইছে ৷ অৱশ্যে, দলীয় অনুশাসন ভংগ কৰাৰ বাবে কংগ্ৰেছ দলে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ সন্দৰ্ভত বিধায়ক দুৰ্গা ভূমিজে অসহায়তা প্ৰকাশ কৰে ৷

লগতে চাওকঃ অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.