ডুমডুমা,৫মে' : ডুমডুমাৰ আজাদ পথত অৱস্থিত শংকৰদেৱ শিশু নিকেতনত সংযোজিত হ'ল একাদশ আৰু দ্বাদশ শ্ৰেণী । দেওবাৰে শিশু নিকেতনখনত অনুষ্ঠিত এখন সভাত আনুষ্ঠানিকভাৱে একাদশ আৰু দ্বাদশ শ্ৰেণী দুটা উদ্ধোধন কৰা হয় । উদ্ধোধনী অনুষ্ঠানত নিকেতনখনৰ সঞ্চালিকা বেবী বৰা, শিক্ষক-শিক্ষয়ত্ৰীসকলৰ লগতে ডুমডুমা নগৰৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু অভিভাৱকসকল উপস্থিত থাকে ।
ডুমডুমাৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নিকেতনখনে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সংযোজনৰ খবৰে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলক আনন্দিত কৰি তুলিছে ।