ডুমডুমা,29 জানুৱাৰী : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ৰূপাই-কাকপথাৰ পথত থকা SBIৰ ATM ত ধন জমা কৰিবলৈ গাড়ী অহাৰ সময়তেই সংঘটিত হ'য় গুলিচালনাৰ ঘটনা । ডকাইত আৰু ATM ৰ সুৰক্ষা কৰ্মীৰ মাজত হ'য় প্ৰচণ্ড গুলীয়াগুলী । এই গুলিচালনাত ATM ৰ এজন সুৰক্ষা কৰ্মীৰ বুকুত গুলি লাগে । গুলিবিদ্ধ সুৰক্ষা কৰ্মী জনক ততাতৈয়াকৈ ডুমডুমা এফআৰইউ ত ভৰ্তি কৰোৱা হ'য় যদিও চিকিৎসকে সুৰক্ষা কৰ্মী জন মৃত বুলি ঘোষণা কৰে । মৃত সুৰক্ষাকৰ্মীজনৰ নাম সীমু বুঢ়াগোঁহাই বুলি জানিব পৰা গৈছে ৷
ইফালে, ঘটনা সংঘটিত হোৱা স্থানত এখন নম্বৰ প্লেট বিহিন ৰঙা ৰঙৰ স্কুটী উদ্ধাৰ হৈছে । ATM টোত ধন জমা কৰাৰ সময়ত ডকাইটি কৰিবলৈ অহা ডকাইতৰ দলটোৱে স্কুটী খন এৰি যোৱাৰ সন্দেহ কৰা হৈছে । লগতে ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ডকাইতৰ দলটোৱে অন্য এখন মটৰ চাইকেল লৈ যায় যদিও ৰাজগড়ৰ পথৰ কাষত মটৰ চাইকেলখন এৰি থৈ যোৱা বুলি জানিব পৰা গৈছে । অন্যহাতে, ATM ৰ সুৰক্ষা কৰ্মীৰ গুলীত এজন ডকাইত গুলিবিদ্ধ হোৱাৰ সন্দেহ কৰা হৈছে । বৰ্তমান আৰক্ষীয়ে ঘটনা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে ।