ETV Bharat / state

ডুমডুমা এফআৰউত চিকিৎসাকৰ্মীক আক্ৰমণ

author img

By

Published : Jan 12, 2021, 5:33 PM IST

ডুমডুমাত এফআৰইউত পথ দুৰ্ঘটনাত নিহত হোৱা লোকক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত একাংশ ৰাইজে চিকিৎসকৰ গাফিলতিৰ বাবে লোকজনৰ মৃত্যু হোৱা বুলি আক্ৰমণ চলায় কৰ্তব্যৰত চিকিৎসকক ৷

As_DDM_dumduma-fru-tensed-situation_vis_ASC10048
ডুমডুমা এফআৰউত চিকিৎসাকৰ্মীক আক্ৰমণ উত্তেজিত ৰাইজৰ

ডুমডুমা,12 জানুৱাৰী : ডুমডুমা এফআৰইউত চিকিৎসাকৰ্মীক আক্ৰমণ একাংশ লোকৰ ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোকক চিকিৎসা প্ৰদান নকৰাৰ অভিযোগত উত্তেজিত একাংশ লোকে আক্ৰমণ চলায় চিকিৎসালয়খনৰ চিকিৎসাকৰ্মীৰ ওপৰত ৷ ঘটনা অনুসৰি ডুমডুমাৰ সমীপৰ বিছাকুপিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ফুলেশ্বৰ বৰ্মন নামৰ এজন লোক ৷ মুমূৰ্ষ অৱস্থাত পথৰ দাঁতিত পৰি থকা লোকজনক ততাতৈয়াকৈ ডুমডুমা এফআৰইউলৈ অনা হয় যদিও চিকিৎসকে বহু সময় লোকজনক চিকিৎসা প্ৰদান নকৰাৰ বাবে লোকজনৰ মৃত্যু হোৱা বুলি অভিযোগ ৰাইজৰ ৷ যাৰ বাবে একাংশ উত্তেজিত লোকে কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্চক শাৰিৰীক ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ইয়াৰ বিপৰীতে চিকিৎসালয় খনত কৰ্তব্যৰত চিকিৎসকে জনোৱা অনুসৰি লোকজনক মৃত অৱস্থাতে চিকিৎসালয়ৈ অনা হৈছিল ৷ পৰৱৰ্তী সময়ত চিকিৎসালয়খনত ডুমডুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও একাংশ লোকে আৰক্ষীৰ সৈতেও তৰ্কত লিপ্ত হয় ৷ আনহাতে, দুৰ্ঘটনাটো সন্দৰ্ভত ডুমডুমা আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে, মটৰ চাইকেল আৰোহী জনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ৰেল বিভাগৰ খুটাত খুন্দিওৱাৰ ফলতে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে ৷

চিকিৎসাকৰ্মীৰ ভাষ্য

লগতে পঢ়ক-21’ ৰ নিৰ্বাচনত নট্ আউট হৈ থাকিব ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.