তিনিচুকীয়া, 11 অক্টোবৰঃ ডুমডুমা আৰক্ষীৰ জিম্মাত মৃত্যু হ'ল অভিযুক্তৰ ৷ ঘটনাক কেন্দ্ৰ কৰি ডুমডুমা চাহ বাগিচাত বিৰাজ কৰিছে ছেপা উত্তেজনাই ৷ উল্লেখ্য যে, চামডাং ৩১ নং লাইনৰ পৱন নায়কে ৫ অক্টোবৰত দুৰ্গা পূজা চলি থকা সময়ত নিজ পিতৃক আক্ৰমণ কৰে ৷ উক্ত ঘটনাৰ বিষয়ে লাইনৰ লোকে আৰক্ষীক খবৰ দিয়াত ডুমডুমা আৰক্ষী থানাৰ এগৰাকী উপ-পৰিদৰ্শকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পৱন নায়কক চামডাং ৩১ নং লাইনত চলি থকা এখন পূজাস্থলীৰ পৰা আটক কৰে ৷ কিন্তু থানালৈ লৈ আহি থকা অৱস্থাতে আৰক্ষীৰ গাড়ীৰ পৰা পৰি গুৰুতৰভাৱে আহত হয় পৱন নায়ক । মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পৱন নায়কক আৰক্ষীয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও বুধবাৰে চিকিৎসালয়তে মৃত্যুক সাৱতি লয় পৱন নায়কে ৷
আনহাতে আৰক্ষীৰ জিম্মাতে পৱনৰ মৃত্যুৰ ঘটনাত সন্দেহ প্ৰকাশ কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে পৰিয়ালৰ লোকে ৷ ইতিমধ্য পৱন নায়কৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ঘৰলৈ অনা হৈছে যদিও চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে পৰিয়ালৰ লোকে ঘটনাটোৰ উচিত তদন্ত নোহোৱা পৰ্যন্ত মৃতদেহ চমজি নলয় বুলি উল্লেখ কৰিছে ৷ পৱন নায়কৰ পত্নীক আৰ্থিক সাহাৰ্য প্ৰদানৰ লগতে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে চাহ জনজাতি ছাত্ৰ সন্থাই ৷
ইতিমধ্যে ঘটনা সম্পৰ্কত এক গোচৰ ৰুজু কৰা হৈছে যদিও সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে আৰক্ষী বিভাগ ৷