ETV Bharat / state

অসমত কদৰ বাঢ়িছে ইলেক্ট্রিক বাহনৰ: চাৰ্জিং ষ্টেচনৰ প্ৰস্তাৱ ফাইলতে আৱদ্ধ

অসমত ৭৬ টা ইলেক্ট্ৰিক বাহন চাৰ্জিং ষ্টেচন স্থাপনৰ প্ৰস্তাৱ এবছৰে কাৰ্যকৰী নহ'ল ৷

electric vehicles in assam
অসমত কদৰ বাঢ়িছে ইলেক্ট্রিক বাহনৰ: চাৰ্জিং ষ্টেচনৰ প্ৰস্তাৱ ফাইলতে আৱদ্ধ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 6:45 PM IST

গুৱাহাটী: প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে সমগ্ৰ দেশত ইলেক্ট্ৰিক বাহন ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ সময়ত অসমতো তেনে বাহনৰ প্ৰতি গ্ৰাহকৰ আকর্ষণ বাঢ়িছে । শেহতীয়াকৈ অসমত ইলেক্ট্ৰিক বাহনৰ বিক্ৰী বাঢ়িছে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ মন্ত্ৰণালয়ৰ তথ্য মতে, যোৱা চাৰিবছৰত ৰাজ্যত ১,২১,১৫৮ খন ইলেক্ট্ৰিক বাহন বিক্ৰী হৈছে ।

তথ্য মতে অসমত ২০২০ চনত ৮,৩৫৭ খন ইলেক্ট্ৰিক বাহন বিক্ৰী হৈছে । এই সংখ্যা প্ৰতিবছৰে বৃদ্ধি হৈছে । ২০২১ চনত ১৫,৭৩৪ খন ইলেক্ট্ৰিক বাহন বিক্ৰী হৈছে । সেইদৰে ২০২২ চনত ৪০,৭১৯ খন আৰু ২০২৩ চনত ৫৬,৪৪৮ খন ইলেক্ট্ৰিক বাহন বিক্ৰী হৈছে । অৰ্থাৎ ২০২১ চনৰ পিছৰে পৰা অসমত ইলেক্ট্ৰিক বাহনৰ বিক্ৰী বৃদ্ধি হৈছে । ইয়াৰ পৰা দেখা যায় যে ৰাজ্যত প্ৰতিবছৰে গড়ে ৪৫০০ খনকৈ ইলেক্ট্ৰিক বাহন বিক্ৰী হয় ।

electric vehicles in assam
অসমত কদৰ বাঢ়িছে ইলেক্ট্রিক বাহনৰ: চাৰ্জিং ষ্টেচনৰ প্ৰস্তাৱ ফাইলতে আৱদ্ধ (ETV Bharat Assam)

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমে সৰ্বাধিক ইলেক্ট্ৰিক বাহন বিক্ৰী হৈছে । যোৱা চাৰিবছৰত অসমত ১,২১,১৫৮ খন ইলেক্ট্ৰিক বাহন বিক্ৰী হোৱাৰ বিপৰীতে ত্ৰিপুৰাত ১৫,৮৩৩ খন, মণিপুৰত ৯৪৫ খন, মিজোৰামত ১৮২ খন, মেঘালয়ত ১৬০ খন আৰু নাগালেণ্ডত ২২ খন ইলেক্ট্ৰিক বাহন বিক্ৰী হৈছে । লক্ষণীয় যে অসম চৰকাৰে প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে ইলেক্ট্ৰিক বাহন বিক্ৰীত গুৰুত্ব দি ২০২১ চনত ইলেক্ট্ৰিক বাহনৰ ক্ষেত্ৰত The electric vehicle (EV) policy, 2021 গ্ৰহণ কৰিছিল ।

এই আচঁনি মতে, অসমত ২০২৬ চনৰ ভিতৰত পথত ২৬ শতাংশ ইলেক্ট্ৰিক বাহন চলাচলৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই আচঁনিৰ জৰিয়তে ইলেক্ট্ৰিক বাহনৰ জি এছ টি অন্য গাড়ীতকৈ কম কৰাৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি ইলেক্ট্ৰিক বাহন ক্ৰয় কৰিলে ৰেহাইৰ ব্যৱস্থাও কৰিছে । এইবোৰ কাৰণৰ বাবে অসমত ইলেক্ট্ৰিক বাহনৰ বিক্ৰী বাঢ়িছে । কিন্তু অসমত ইলেক্ট্ৰিক বাহনৰ সংখ্যা বৃদ্ধি পালেও সেই অনুসৰি অসমত প্ৰয়োজনীয় ইলেক্ট্ৰিক বাহন চাৰ্জিং কৰাৰ ষ্টেচন নাই ।

এই সন্দৰ্ভত ৰাজ্য‌সভাত সাংসদ মনোজ কুমাৰ ঝাই যোৱা বছৰ ১২ ডিচেম্বৰত সোধা এক প্ৰশ্নৰ উত্তৰত গুৰু উদ্যোগ বিভাগৰ মন্ত্ৰীয়ে জনোৱা‌‌ মতে, অসমত ৭৬ টা ইলেক্ট্ৰিক বাহন চাৰ্জিং ষ্টেচন স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । এবছৰ হ'ল যদিও এই ইলেক্ট্ৰিক বাহন চাৰ্জিং কৰাৰ ষ্টেচন স্থাপন নহ'ল ৷

লগতে পঢ়ক: ত্ৰিপুৰাত পৰৱৰ্তী পাঁচ বছৰৰ বাবে বৈদ্যুতিক বাহনৰ নীতি গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.