ETV Bharat / state

ব্ৰাউন চুগাৰসহ সৰবৰাহকাৰীক আটক তিনিচুকীয়া আৰক্ষীৰ - নিচা জাতীয় সামগ্ৰী

তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ এগৰাকী সৰবৰাহকাৰী ৷ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তিনিচুকীয়াৰ গেলাপুখুৰী পথত এক অভিযান চলাইছিল তিনিচুকীয়া আৰক্ষীয়ে ৷

drugs paddler arrested by tinisukia police
ব্ৰাউন চুগাৰ সহ সৰবৰাহকাৰীক আটক তিনিচুকীয়া আৰক্ষীৰ
author img

By

Published : Jul 21, 2021, 10:47 PM IST

তিনিচুকীয়া, 23 জুলাই : ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ বুধবাৰে তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায় ৷ অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

ব্ৰাউন চুগাৰসহ সৰবৰাহকাৰীক আটক তিনিচুকীয়া আৰক্ষীৰ

তিনিচুকীয়া আৰক্ষীয়ে সদৰী কৰা মতে, তিনিচুকীয়াৰ গেলাপুখুৰী পথত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলোৱা হয় ৷ অভিযানত ৭.৭৫ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে ৷ ইয়াৰ লগতে তিনিচুকীয়া আৰক্ষীয়ে ব্ৰাউন চুগাৰ সৰবাৰহৰ লগত জড়িত থকা অভিযোগত এজন লোকক আটক কৰে ৷

আটকাধীন লোকজনৰ নাম তিনিচুকীয়াৰ বৰদলৈ নগৰৰ যাদবেন্দ্ৰ দাস (৩৫) বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ ড্ৰাগছসহ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰাৰ পাচতে তিনিচুকীয়া নগৰৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, ড্ৰাগছ সৰবৰাহকাৰীজন এখন বাহনেৰে আহি আছিল ৷ ড্ৰাগছ সৰবৰাহকাৰীজনে চলাই অহা বাহনখনৰ নম্বৰ হৈছে ML-09-4799 ৷

ইতিমধ্যে সৰবৰাহকাৰীজনৰ গাড়ীখনো জব্দ কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত তিনিচুকীয়া সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ২১ (B) NDPS ধাৰাৰ অধীনত ৯৬৭/২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । জানিব পৰা মতে, ড্ৰাগছখিনি লৈ সৰবৰাহকাৰীজন কাকপথাৰৰ পৰা বৰদলৈ নগৰস্থিত ঘৰলৈ আহি আছিল । তিনিচুকীয়াত আৰু ড্ৰাগছ ব্যৱসায়ী তথা সৰবাৰহকাৰীয়ে মিলি ব্যৱসায় অব্যাহত ৰাখিছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:লাভলীনালৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.