তিনিচুকীয়া, 18 জুলাই: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Anti drugs operation) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে গ্ৰেপ্তাৰ হৈছে ড্ৰাগছ সৰবৰাহকাৰী । আৰক্ষী কঠোৰ হৈছে যদিও বৰ্তমানেও সমাজৰ পৰা আঁতৰ হোৱা নাই নৱপ্ৰজন্মৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় ৷ শেহতীয়াকৈ, তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী (Drug dealers arrested in Tinsukia) ৷
দেওবাৰে তিনিচুকীয়া আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে চাৰি ড্ৰাগছ সৰবৰাহকাৰীক (Four drug dealers arrested)। জব্দকৃত ড্ৰাগছৰ পৰিমাণ প্ৰায় ১.২৩ কেজি । উক্ত ড্ৰাগছখিনি মাকুম বাইপাছত বিক্ৰীৰ বাবে আনিছিল ড্ৰাগছ সৰবৰাহকাৰীৰ দলটোৱে । গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে পানীতোলাৰ পৰাগজ্যোতি বৰা , ধন্টু বৰাৰ লগতে ডিব্ৰুগড়ৰ স্মাইল আলী আৰু কাজী ফাৰুক বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহত ব্যৱহৃত AS06 M0030 নম্বৰৰ এখন SWIFT DESIRE বাহনো জব্দ হৈছে তিনিচুকীয়া আৰু মাকুম আৰক্ষীৰ যৌথ অভিযানত । ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ লগতে মাকুম আৰক্ষী উপস্থিত হৈ অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: ত্ৰিপুৰাত ২ কোটি মূল্যৰ ড্ৰাগছ জব্দ বিএছএফৰ