ETV Bharat / state

Drugs Seizes in Tinsukia: নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত জব্দ 62.5 লক্ষাধিক টকাৰ হেৰ’ইন - Drugs Paddler Arrested with Drugs

নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে লক্ষাধিক টকাৰ ড্ৰাগছ ৷ তিনিচুকীয়া অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰে’লৱে আৰক্ষীৰ স’তে পুৱতি নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি ৷

Drugs Paddler Arrested with Drugs in Tinsukia
তিনিচুকীয়াত আটক ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Jul 7, 2023, 1:35 PM IST

তিনিচুকীয়াত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

তিনিচুকীয়া, 7 জুলাই : ডিমাপুৰৰ পৰা ৰে’লেৰে প্ৰতিদিনে তিনিচুকীয়ালৈ সৰবৰাহ হয় লক্ষাধিক টকাৰ মাৰাত্মক ড্ৰাগছ ৷ মহিলা সৰবৰাহকাৰীকে ধৰি আন আন অপৰাধীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে ৷

শুকুৰবাৰে নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে লক্ষাধিক টকাৰ ড্ৰাগছ ৷ তিনিচুকীয়া অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ চহৰ পৰিদৰ্শক ৰিয়াজ আলী আৰু হিজুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কিৰণ দিহিঙীয়াৰ সহযোগত আৰক্ষীৰ এটা দলে ৰে’লৱে আৰক্ষীৰ স’তে বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই পুৱতি নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন ৷

ৰাজধানী এক্সপ্ৰেছ আৰু বিবেক এক্সপ্ৰেছৰ জৰিয়তে চাৰিগৰাকীকৈ মহিলাই ডিমাপুৰৰ পৰা সৰবৰাহ কৰি আনিছিল প্ৰায় 300 গ্ৰাম হেৰ’ইন ৷ এই সন্দৰ্ভত তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে সদৰি কৰে যে মহিলাকেইগৰাকীয়ে ইয়াৰ পূৰ্বেও এনেদৰেই ড্ৰাগছৰ সৰবৰাহ কৰিছিল ৷ জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য আনুমানিক 60 লাখ টকা ৷ অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব হেৰ’ইনখিনি কাৰ নেতৃত্বত সৰবৰাহ হৈছিল তিনিচুকীয়ালৈ ৷

ইফালে ইয়াৰ পূৰ্বেও ৰে’লৱে আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনতে এগৰাকী মহিলাসহ চাহিদ আলী আৰু সুৰেশ প্ৰধান নামৰ দুই সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰিছিল 62.83 গ্ৰাম হেৰ’ইন ৷ জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰমূল্য আনুমানিক 2.5 লাখ টকা ৷ উল্লেখ্য যে, তিনিচুকীয়া জিলাত মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনে এতিয়া যুৱ প্ৰজন্মক অন্ধকাৰ ভৱিষ্যতৰ দিশে ঠেলি দিছে ৷

মাৰাত্মক ড্ৰাগছৰ ফলত জিলাখনত ভয়ানক হাৰত বৃদ্ধি পাইছে এইছ্‌ আই ভিৰ দৰে মাৰাত্মক ৰোগে ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত যোৱা বছৰত এইছ আই ভিৰ আক্ৰান্তৰ হাৰৰ তুলনাত এইবৰ্ষৰ তিনি মাহতেই 50 শতাংশৰ অতিক্ৰম কৰিছে ৷ গতিকে এতিয়াই যদি আৰক্ষী, স্বাস্থ্য বিভাগ, সামাজিক সংগঠন, অভিভাৱককে ধৰি সকলোৱে মাৰ বান্ধি থিয় নহয় তেন্তে যুৱ প্ৰজন্ম অন্ধকাৰ ভৱিষ্যতৰ দিশে ধাৱমান হ’বলৈ বেছি পৰ নালাগিব ৷

লগতে পঢ়ক: Assam govt liquor policy : ৰাজ্যক সুৰা মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দাবী ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.