ETV Bharat / state

ড্ৰাগছ সেৱনৰ বাবে চুৰি কৰি আৰক্ষীৰ জালত পৰিল যুৱক - কাকপথাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়

কাকপথাৰত ৰাইজে আৰক্ষীক গতাই দিলে এজন ড্ৰাগছ আসক্ত যুৱকক ৷ দীৰ্ঘদিন ধৰি ড্ৰাগছ আহৰণৰ বাবে চুৰি কাৰ্যতো জড়িত আছিল যুৱকজন ৷

drugs-addicted-youth-under-arrest
ড্ৰাগছ সেৱনৰ বাবে চুৰিত লিপ্ত হৈ আৰক্ষীৰ জালত পৰিল যুৱক
author img

By

Published : Jul 4, 2021, 10:52 PM IST

শদিয়া, 4 জুলাই : ৰাজ্যত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ সমান্তৰালকৈ অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ বিভিন্ন সময়ত স্থানীয় ৰাইজে আৰক্ষীক সহযোগ কৰি আহিছে ড্ৰাগছ বিৰুধী অভিযানত ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কুমচাং হাতীডুবা লাইনত স্থানীয় লোকে এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰি কাকপথাৰ আৰক্ষীক গটাই দিয়ে ৷

অভিযোগ মতে, হাতীডুবা লাইনৰে দিপক ঝৰাৰ পুত্ৰ বিজু ঝৰা(২২)ই সেৱন কৰে ড্ৰাগছ ৷ যুৱকজনে বিভিন্ন সময়ত অঞ্চলটোত চুৰ কৰি তাণ্ডৱ চলাই আহিছিল ৷ বিভিন্ন জনৰ ঘৰত চুৰ কৰি সামগ্ৰী সমূহ ড্ৰাগছ ব্যৱসায়ীক গটাই দি তাৰ বিনিময়ত ড্ৰাগছ সেৱন কৰে যুৱক জনে ৷ ৰাইজৰ লগতে আৰক্ষীৰ আগত এই কথা স্বীকাৰ কৰিছে আটকাধীন যুৱকজনে ৷

ড্ৰাগছ সেৱনৰ বাবে চুৰিত লিপ্ত হৈ আৰক্ষীৰ জালত পৰিল যুৱক

যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগতে ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷

আনহাতে, ড্ৰাগছ আসক্ত যুৱকজনৰ স্বীকাৰৰ লগতে স্থানীয় ৰাইজে অভিযোগ কৰিছে যে, কাকপথাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়(kakopathar block office)ৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ(NH15)ৰ দাঁতিত অবৈধ ভাৱে ঘৰ সাজি বাস কৰা একাংশৰ ঘৰত ৰমৰমীয়াকৈ ড্ৰাগছৰ ব্যৱসায় চলি আহিছে ৷ উক্ত কেইটামান ঘৰত আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী সেৱন কৰাত ব্যৱহাৰ কৰা আপত্তি জনক সামগ্ৰী জব্দ কৰিছে ৷ আনহাতে আটকাধীন যুৱক জনৰ পৰা ড্ৰাগছ সেৱন কৰোতে ব্যৱহাৰ কৰা এটা চিৰিঞ্জ, ড্ৰাগছ ভৰাই অনা এটা খালী চাধা টেমা উদ্ধাৰ কৰিছে ৷

লগতে পঢ়ক : কাশ্মীৰত এইবাৰ হাইব্ৰিড সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.