ETV Bharat / state

দলং নিৰ্মাণৰ দাবীত বৰডুবিত পথ অৱৰোধ

author img

By

Published : Jun 27, 2020, 5:17 AM IST

Updated : Jun 27, 2020, 8:11 AM IST

দলংখন বহু পূৰ্বৰে পৰা অধিক শোচনীয় হৈ আছিল ৷ এতিয়া বানে দলংখন উটুৱাই নিয়াৰ ফলত ডুমডুমাৰ সৈতে বৃহত্তৰ বৰডুবি অঞ্চলৰ সংযোগ সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিছে ৷

দলং নিৰ্মাণৰ দাবীত বৰডুবিত পথ অৱৰোধ
দলং নিৰ্মাণৰ দাবীত বৰডুবিত পথ অৱৰোধ

তিনিচুকীয়া, 27 জুনঃ বিগত তিনিদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ডুমডুমাৰ পৰা বৰডুবি চাহ বাগিছা সংযোগী দলংখন বানে উটুৱাই নিয়ে ৷ উক্ত দলংখন পুনৰ নিৰ্মাণৰ দাবীত আটছা কাকপথাৰ উপ-শাখা সমিতিৰ আহ্বানত শুকুৰবাৰে স্থানীয় ৰাইজে ডুমডুমা-ফিল'বাৰী সংযোগী পথৰ বৰডুবিত পথ অৱৰোধ কৰে । বানে দলংখন উটুৱাই নিয়াৰ ফলত ডুমডুমাৰ সৈতে বৃহত্তৰ বৰডুবি অঞ্চলৰ সংযোগ বিছিন্ন হৈ পৰিছে ৷ যাৰ পৰিপেক্ষিতত প্ৰতিকূল বতৰকো নেওচি আটছাৰ উদ্যোগত আজি শ শ চাহ শ্ৰমিক ৰাজপথলৈ উলাই আহি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

দলং নিৰ্মাণৰ দাবীত বৰডুবিত পথ অৱৰোধ

উল্লেখ্য যে,দলংখন বহু পূৰ্বৰে পৰা অধিক শোচনীয় হৈ আছিল ৷ প্ৰতিবছৰে দলংখন মেৰামতিৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছিল ৷ কিন্তু নিৰ্বাচনৰ সময়ত গৈ ৰাজনৈতিক নেতাই প্ৰতিশ্ৰুতি দিয়া দলং আৰু পথ নিৰ্মাণৰ কথা নিৰ্বাচন গ'লেই পাহৰি যায় ৷ আৰু এতিয়া দলংখনৰ অৱশিষ্টও বানে উটুৱাই নিয়াত খৰ্গহস্ত হৈছে ছাহ শ্ৰমিকসকল ৷ তেওঁলোকৰ অধিকাংশই যাব পৰা নাই নিজ কৰ্মলৈ ৷ সেয়ে দলংখন শীঘ্ৰেই নিৰ্মাণৰ বাবে এই অৱৰোধ কাৰ্যসূচী হাতত লয় ৷

লগতে পঢ়কঃ দৰঙত অনিদিষ্টকাললৈ সাপ্তাহিক বজাৰ বন্ধ

Last Updated : Jun 27, 2020, 8:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.