ডুমডুমা, ১০ মে': শুকুৰবাৰৰ পৰা ডুমডুমাত অনুষ্ঠিত হৈছে ডুমডুমা কেন্দ্ৰীয় ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ । এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৫০ খন পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদ তৰ্পণত ৫০ গছি বন্তি প্ৰজ্বলন কৰা হয় । অন্যহাতে এই অনুষ্ঠানতেই পঞ্চাশগৰাকী নাচনীয়ে প্ৰদৰ্শন কৰে বিহু নাচ ।ইপিনে ঢোল, পেঁপা, বিহুনৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বিয়লি ভাগত ।
তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ অন্তিম দিনৰ কাৰ্যসূচীত এক আকৰ্ষণীয় অন্তৰংগ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে বিষয়া-কৰ্মীয়ে । অন্যহাতে ডুমডুমা ৰাজহুৱা ৰঙালী বিহু সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীত কাতি বিহু, ভোগালী বিহুৰ লগতে অহা বৰ্ষৰ ব'হাগৰ প্ৰথম সপ্তাহৰ পৰা পাঁচদিনীয়াকৈ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ।