ETV Bharat / state

মাজুলীৰ গ্ৰামাঞ্চলৰ উন্নয়ন দেখি হতবাক ৰাজ্যপাল - LAKSHMAN PRASAD ACHARYA

ৰাজ্যপালক মাজুলীৰ গ্ৰামাঞ্চলৰ উন্নয়ন দেখুৱালৈ নিছিল জিলা প্ৰশাসনে । পিছে উন্নয়নৰ ৰূপ দেখি খং উঠিল ৰাজ্য়পালৰ ।

Lakshman Prasad Acharya in Majuli
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 9:11 PM IST

মাজুলী: দুদিনীয়া ভ্ৰমণসূচীৰে সত্ৰপীঠ মাজুলীত উপস্থিত হোৱা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভ্ৰমণৰ আজি দ্বিতীয়টো দিন ৷ আজিৰ দ্বিতীয় দিনটোতে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ দেখি খং উঠিল ৰাজ্যপালগৰাকীৰ । প্ৰথম দিনা মাজুলীৰ নৈসৰ্গিক পৰিবেশ উপভোগ কৰি শনিবাৰে পুৱা মাজুলীৰ গ্ৰামাঞ্চলৰ উন্নয়ন পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে ।

ৰাজ্যপাল গৰাকীক মাজুলীৰ জিলা প্ৰশাসনে গ্ৰামাঞ্চলৰ উন্নয়ন দেখুৱাবলৈ জিলা সদৰৰ পৰা ৫ কিলোমিটাৰ নিলগত থকা গেৰেকী, নতুনপোহাৰ দিয়া গাঁৱলৈ নিয়ে । মাজুলীৰ আয়ুক্তই নতুন পোহাৰ দিয়া গাঁৱৰ এটি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ দেখুৱাই ৰাজ্যপালগৰাকীক । ২০২২ চনতে আৰম্ভ কৰা ঘৰটোৰ অসম্পূৰ্ণ ছবি দেখি খং উঠিল ৰাজ্যপালগৰাকীৰ । আধৰুৱা আঁচনি দেখুৱাবলৈ লৈ অহাক লৈ আয়ুক্তক প্রশ্ন কৰিলে ৰাজ্যপালগৰাকীয়ে ।

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য (ETV Bharat Assam)

ধৰা পৰিল গ্ৰামোন্নয়ন বিভাগৰ মিথ্যাচাৰ

উল্লেখ্য যে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ হিতাধিকাৰী জিতেন ফুকনৰ নাম আঁচনিৰ নাম ফলকত স্পষ্টকৈ লিখি নৰখা, আজি পৰ্যন্ত ঘৰটোৰ ৰং নকৰা তথা অসম্পূৰ্ণ ঘৰটোৰ দৃশ্য দেখি গ্ৰামাঞ্চলৰ উন্নয়নৰ নামত হোৱা প্ৰহসনত ক্ষুব্ধ হৈ পৰে ৰাজ্যপালগৰাকী । উল্লেখ্য যে গ্ৰামোন্নয়ন বিভাগে ৰাজ্যপাল অহাৰ খবৰ পাই পুৱাতেই খৰধৰকৈ ৰঙা মাৰ্কাৰেৰে অংকন কৰিছিল ফলক । ৰাজ্যপালৰ পৰিদৰ্শনত ধৰা পৰিল গ্ৰামোন্নয়ন বিভাগৰ মিথ্যাচাৰ ।

ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় ৰাজ্যপালৰ

ইপিনে, ৰাজ্যপালৰ পদধূলাত আনন্দিত আৱাস যোজনাৰ হিতাধিকাৰী পৰিয়াল । ইয়াৰ উপৰি ৰাজ্যপালগৰাকীয়ে অঞ্চলটোৰ জলজীৱন মিছন আঁচনি পৰিদৰ্শন কৰিও আচৰিত হ'ল । আঁচনিখন দেখি মুঠেই সন্তুষ্ট নহ'ল ৰাজ্যপালগৰাকী । লগতে ৰাজ্যপালগৰাকীয়ে অঞ্চলটোৰ অন্যতম শিক্ষানুষ্ঠান কেশৱৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে মত বিনিময় কৰে । এনেদৰেই ৰাজ্যপালগৰাকীয়ে মাজুলী ভ্ৰমণৰ দ্বিতীয়টো দিনত গ্ৰামাঞ্চল পৰিদৰ্শন কৰি দুপৰীয়া মাজুলীৰ পৰা বিদায় লয় ।

লগতে পঢ়ক:মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল আচাৰ্য

বৰপেটাৰোডত ৰাজ্যপাল: উদ্বোধন কৰিলে সৰোবৰ-ওলোমা সেতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.