ETV Bharat / state

ডুমডুমাৰ দৈদাম চাহ বাগিছাত মৃতদেহ উদ্ধাৰ

উদ্ধাৰ হোৱা মৃতদেহটো দৈদাম চাহ বাগিচাৰ ৩০ বছৰীয়া শিবাৰু কয়াৰ বুলি চিনাক্ত কৰিছে স্থানীয় লোকে । উল্লেখযোগ্য যে, বিগত ২২ অক্টোবৰৰ নিশাৰে পৰা শিবাৰু কয়া নামৰ লোকজন নিৰুদেশ হৈ আছিল ।

author img

By

Published : Oct 29, 2020, 6:25 PM IST

DOOMDOOMA DOIDAM TEA STATE   DEAD BODY RESCUE
ডুমডুমাৰ দৈদাম চাহ বাগিছাত মৃতদেহ উদ্ধাৰ

ডুমডুমা,29 অক্টোবৰঃ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত দৈদাম চাহ বাগিচাৰ ফাল্টু লাইনৰ সমীপৰ এটা জলাশয়ত বৃহস্পতিবাৰে এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় । উদ্ধাৰ হোৱা মৃতদেহটো দৈদাম চাহ বাগিচাৰ ৩০ বছৰীয়া শিবাৰু কয়াৰ বুলি চিনাক্ত কৰিছে স্থানীয় লোকে । উল্লেখযোগ্য যে, বিগত ২২ অক্টোবৰৰ নিশাৰে পৰা শিবাৰু কয়া নামৰ লোকজন নিৰুদেশ হৈ আছিল । নিৰুদেশ সম্পৰ্কে পৰিয়ালৰ লোকে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।

ইপিনে ২২ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা শিবাৰু কয়াৰ মৃতদেহ বৃহস্পতিবাৰে দৈদাম চাহ বাগিচাৰ ফাল্টু লাইনৰ সমীপৰ এটা জলাশয়ত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ বাগিচাখনতেই চাঞ্চল্যৰ সৃষ্টি হৈছে । শিবাৰু কয়াৰ পত্নীৰ লগতে পৰিয়ালৰ লোকে এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে । সম্প্ৰতি ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ ৰাজ্যত জন্ম আৰু এটা মহিলা ৰাজনৈতিক দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.