ETV Bharat / state

ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া পাৰ্টী:বিকাশ উপাধ্যায়

author img

By

Published : Jan 25, 2021, 10:40 AM IST

ডুমডুমাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক মত-বিনিময় অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী এতিয়া ভাৰতীয় মিছলীয়া পাৰ্টী হিচাপে সমগ্ৰ ভাৰততেই জনাজাত হৈছে বুলি মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়ে ৷

doomdooma-congress-meeting
ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া পাৰ্টী

ডুমডুমা,25জানুৱাৰী: "ভাৰতীয় জনতা পাৰ্টী এতিয়া ভাৰতীয় মিছলীয়া পাৰ্টী হিচাপে সমগ্ৰ ভাৰততেই জনাজাত হৈছে"-ডুমডুমাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক মত-বিনিময় অনুষ্ঠানত এইদৰে মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়ে ৷ ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজৰ নেতৃত্বত অনুষ্ঠিত হয় এই মত বিনিময় অনুষ্ঠান ৷ অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়ে দলীয় কৰ্মকৰ্তা সকলৰ সৈতে আগন্তুক অসম বিধানসভা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰে ।

ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া পাৰ্টী

সাংবাদিকৰে হোৱা এক সাক্ষাতকাৰত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টী এতিয়া ভাৰতীয় মিছলীয়া পাৰ্টী হিচাপে সমগ্ৰ ভাৰততেই জনাজাত হৈছে বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে বিগত পাঁচ বছৰে বিজেপিয়ে তেওঁলোকৰ ইস্তাহাৰত থকা এটাও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে সম্পাদক গৰাকীয়ে ৷ বিজেপিয়ে কেৱল মাত্ৰ চৰকাৰী সম্পদ বিক্ৰী কৰাৰ কামহে কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি আগন্তুক সময়ত কংগ্ৰেছ দলে অসমত সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলিও নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে উল্লেখ কৰে ।

অন্য এক খবৰৰ বাবে: ওড়িশাত এগৰাকী মহিলা মাওবাদীৰ আত্নসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.