ডুমডুমা, 30 অক্টোবৰঃ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বৰহাপজানস্থিত কালী মন্দিৰত নিশা সংঘটিত হয় চুৰিকাণ্ড ৷ মন্দিৰৰ দান পাত্ৰ ভাঙি প্ৰায় লক্ষাধিক টকা লুটি নিয়ে চোৰে ৷ আনহাতে এই পৌৰাণিক কালি মন্দিৰটোত সংস্থাপন কৰা হোৱা নাই এটাও চি.চি.টিভি কেমেৰা ৷
কালি পূজাৰ পাছদিনা নিশা সংঘটিত এই চুৰিকাণ্ডই ৰহস্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সম্পৰ্কে মন্দিৰ সমিতিয়ে ইতিমধ্যে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ উক্ত এজাহাৰৰ ভিক্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷