ETV Bharat / state

ডুমডুমাত বাহনত লুটপাত চাৰিজনীয়া ডকাইতৰ দলৰ

author img

By

Published : Dec 3, 2020, 7:37 AM IST

বুধবাৰে ডুমডুমাৰ মানখোৱা এঠেঙীয়াত ডকাইতি কাণ্ড ৷ বাইকত অহা চাৰিজনীয়া ডকাইতৰ দলে চোকা অস্ত্ৰ দেখুৱাই এখন বাহনৰ পৰা লুটি নিলে 50 হাজাৰ টকাসহ মোবাইল ফোন আৰু বাহনখনৰ চাবি ।

doomdooma docait
ডুমডুমাত ডকাইতি কাণ্ড

ডুমডুমা,3 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ মানখোৱা এঠেঙীয়াত বুধবাৰে সংঘটিত হৈছে ডকাইতি কাণ্ড ৷ দিন-দুপৰতেই বাইকত অহা চাৰিজনীয়া এটা ডকাইতৰ দলে চোকা অস্ত্ৰ দেখুৱাই এখন বাহনৰ পৰা লুটি নিয়ে 50 হাজাৰ টকাসহ মোবাইল ফোন আৰু বাহনখনৰ চাবি ।

doomdooma docait
ডুমডুমাত ডকাইতি কাণ্ড

AS-23-K-9119 নম্বৰৰ এখন চাৰিচকীয়া বাহনত এজন লোকে ডুমডুমাৰ পৰা ৰূপাইচাইডিং হৈ জয়ৰামপুৰলৈ শ্ৰমিকৰ দৰমহাৰ টকা লৈ গৈ থকা অৱস্থাত মানখোৱাৰ এঠেঙীয়া তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হয় এই ডকাইতি কাণ্ড ৷

ধাৰাবাহিকভাৱে সংঘটিত হোৱা ডকাইতি কাণ্ডই অঞ্চলটোৰ জনসাধাৰণক ভীতিগ্ৰস্ত কৰি তোলাৰ বিপৰীতে আৰক্ষীৰ নিষ্ক্ৰীয়তাই সমগ্ৰ জিলাখনক অপৰাধীৰ ৰম্যভূমিৰূপে পৰিণত কৰা দেখা গৈছে ৷

লগতে পঢ়ক : কাছাৰত পথ দুৰ্ঘটনাত নিহত 5 গৰাকীকৈ ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.