তিনিচুকীয়া, 2 এপ্ৰিল: তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষীৰ জালত পৰিল এক বৃহৎ চোৰাং ক্ৰুড অইল ছিণ্ডিকেট চক্ৰ ৷ অইলৰ অভিযন্তা-বিষয়াতকৈ পাকৈত মেনেজাৰৰ লগতে তেল চোৰ কৰা টেংকাৰৰ চালক আৰু সহযোগীসকল ৷ অইলৰ বিষয়াই তেলৰ টেংকাৰত লগাই দিয়া ছীল নোখোলাকৈয়ে শ শ লিটাৰ তেল চুৰি কৰে চক্ৰটোৱে (Oil syndicate in Tinsukia) ।
মন কৰিবলগীয়া যে, ডিব্ৰুগড়-তিনিচুকীয়া পথৰ কাষৰ একাংশ ধাবাত চলে খাৰুৱা তেলৰ চোৰাং বেহা ৷ ডিগবৈ আৰক্ষীৰ তদন্তৰ আওঁতাত তেল খনন কোম্পানী ‘অইল মেক্স’ ৷ কোম্পানীটোৰ মেনেজাৰ প্ৰমোদ কুমাৰৰ লগতে দুজন সুৰক্ষা কৰ্মী ক্ৰমে দীপজ্যোতি বুঢ়াগোহাঁই আৰু দিলীপ বৰুৱাসহ আন 11 জনক শনিবাৰে ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰে ডিগবৈ আৰক্ষীয়ে (Oil thieves apprehended at Digboi) ।
উল্লেখ্য যে, ডিগবৈ আৰক্ষীয়ে 30 মাৰ্চত চোৰাং তেল সৰবৰাহ কৰা এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই 12 জনক গ্ৰেপ্তাৰ কৰাৰ লগতে 6 খনকৈ টেংকাৰ জব্দ কৰাৰ পাচত তদন্তত বহু তথ্য লাভ কৰিছে ৷ ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্বত অভিযান চলাই ডিগবৈৰ ‘খাৰচাং পইণ্ট’ত ৰখাই থোৱা অৱস্থাত চোৰাং খাৰুৱা তেল সৰবৰাহ কৰা পাঁচখন টেংকাৰ আৰু এখন বলেৰ’ বাহন জব্দ কৰিছিল । লগতে মুঠ 12 জন লোকক আটক কৰিছিল আৰক্ষীয়ে (Tinsukia police bust crude oil pilferage racket) ৷
তথ্য অনুসৰি চোৰাং চক্ৰটোৱে খাৰুৱা তেলখিনি চাবুৱাৰ ‘ব্লু পাইন’ নামৰ ধাবাখনত বিক্ৰী কৰি টেংকাৰ কেইখনত পানী ভৰাই ডিগবৈত উপস্থিত হয় ৷ পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে ‘ব্লু পাইন’ ধাবাতো অভিযান চলাই চোৰাং খাৰুৱা তেলৰ লগতে পুনৰ এখন টেংকাৰ জব্দ কৰে ৷ আৰক্ষীয়ে টেংকাৰ কেইখনৰ লগত অহা বলেৰ’ গাড়ী এখনো জব্দ কৰিছিল ৷ য’ত অইল মেক্স কোম্পানীটোৰ মেনেজাৰ প্ৰমোদ কুমাৰ আৰু দুই সুৰক্ষা কৰ্মী আছিল ৷
আৰক্ষীয়ে আটক কৰা টেংকাৰ চালককেইজনৰ ভিতৰত এজন চালকে ৰাজসাক্ষী হৈ সবিশেষ আৰক্ষীক অৱগত কৰিছে ৷ টেংকাৰত অইলে লগোৱা ছীল-মোহৰ নুখুলাকৈয়ে টেংকাৰৰ ঢাকনি অতি কৌশলেৰে খুলি তেল চুৰি কেনেকৈ কৰে দেখুৱালে ৰাজসাক্ষী হোৱা চালকজনে ৷ চোৰাং চক্ৰটোৰ এই কৌশল অইলৰ বিষয়া নতুবা সুৰক্ষা বাহিনীয়ে গমেই নাপায় নে, গোপন বুজাবুজি আছে সেয়াও এক অনুসন্ধানৰ বিষয় (Crude oil pilferage racket in Tinsukia) ৷
উল্লেখ কৰা প্ৰয়োজন যে, তিনিচুকীয়া জিলাত তেল চুৰি কাৰ্য পোহৰলৈ অহা এয়াই প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও চাবুৱাৰ ‘ব্লু পাইন’ ধাবাত তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছিল, কিন্তু অভিযানৰ পাচৰ পৰ্যায়ত অৰ্থাৎ তদন্তত যেন কোনোবাখিনিত কেৰুণ লাগে ৷ যাৰ বাবে তেল চুৰি চক্ৰৰ সৈতে জড়িত মূল ব্যক্তি আইনী প্ৰক্ৰিয়াৰ পৰা আঁতৰি যাবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: Oil theft racket busted: ডিগবৈত আৰক্ষীৰ জালত তেল চুৰি চক্ৰ