ETV Bharat / state

ৰাজ্যত পুনৰ শিক্ষকৰ দ্বাৰা ছাত্ৰীক নিৰ্যাতনৰ ঘটনা

নিজৰ কাৰ্যালয়লৈ মাতি নি প্ৰধান শিক্ষকে বলাৎকাৰৰ চেষ্টা চলালে বিশেষভাৱে সক্ষম ছাত্ৰীক ৷ প্ৰধান শিক্ষক গোলাপ মৰাণক শাস্তিৰ দাবীত স্থানীয় ৰাইজৰ থানা ঘেৰাও ৷

ৰাজ্যত পুনৰ শিক্ষকৰ দ্বাৰা ছাত্ৰীক নিৰ্যাতনৰ ঘটনা
author img

By

Published : Aug 24, 2019, 4:21 PM IST

শদিয়া, 24 আগষ্টঃ এগৰাকী চতুৰ্থ শ্ৰেণীৰ বিশেষভাৱে সক্ষম ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ প্ৰতিবাদত শনিবাৰে টঙনা থানা ঘেৰাও কৰে স্থানীয় ৰাইজে ৷ তথ্য অনুসৰি, যোৱা ২১ আগষ্টত চত্তেটিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলাপ মৰাণে এগৰাকী ছাত্ৰীক বিদ্যালয়ৰ প্ৰাৰ্থনাৰ সময়ত কাৰ্যালয়লৈ মাতি নি বলাৎকাৰ কৰিবলৈ চেষ্টা চলাইছিল ৷ উপায়ন্তৰ হৈ প্ৰধান শিক্ষকৰ ৰুমৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় ছাত্ৰী গৰাকী ৷ উল্লেখযোগ্য যে, আগৰে পৰা প্ৰধান শিক্ষকজনে ছাত্ৰীগৰাকীৰ লগত এনে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃয়ে ৷ ছাত্ৰী গৰাকীৰ এজাহাৰ ভিত্তিত ইতিমধ্যে টঙনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষক গোলাপ মৰাণক ৷ এজন প্ৰধান শিক্ষকৰ এনে কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শিক্ষকজনক চাকৰিৰ পৰা নিলম্বিত কৰি উচিত শাস্তি প্ৰদানৰ দাবীত টঙনা থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷

Intro:শিক্ষকে বিকলাঙ্গ ছাত্ৰীক যৌন নিৰ্যাতনৰ বিৰুদ্ধে টঙনা থানা ঘেৰাও ৰাইজৰ

শদিয়া : এগৰাকী চতুৰ্থ শ্ৰেণীৰ বিকলাঙ্গ ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ প্ৰতিবাদত টঙনা থানা ঘেৰাও কৰিছে স্থানীয় ৰাইজে ৷ যোৱা ২১আগষ্টত চত্তেটিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলাপ মৰাণে পিংকী লাক্ৰা নামৰ ছাত্ৰী গৰাকীক প্ৰাৰ্থনা কৰা সময়ত কাৰ্যালয়লৈ নি গাত হাত দি বালাৎকাৰ কৰিবলৈ চেষ্টা কৰে ৷ উপায়ন্তৰ হৈ ছাত্ৰী গৰাকীয়ে ৰুমৰ পৰা পলায়ন কৰে ৷ আগৰে পৰা বিকলাঙ্গ ছাত্ৰী গৰাকীক শিক্ষকজনে গাত হাত দি, চকুটা-চিকুটী কৰি, সাবতি ধৰাৰ দৰে বেয়া ব্যৱহাৰ কৰি আহিছিল বুলি অভিযোগ কৰিছে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে ৷ ছাত্ৰী গৰাকীৰ এজাহাৰ ভিত্তিত ইতিমধ্যে টঙনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বালাৎকাৰী শিক্ষক গোলাপ মৰাণক ৷ শিক্ষকজনক চাকৰিৰ পৰা নিলম্বীত কৰাৰ লগতে ফাঁচীৰ দাবীত আজি টঙনা থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ এগৰাকী শিক্ষকে বিকলাঙ্গ ছাত্ৰী গৰাকীক কৰা এনে ব্যৱহাৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷
(PhOTO: School teacher) Body:Byte : 1/ Police Officer
2/ Student Mother
3/ PublicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.