তিনিচুকীয়া, ৯ এপ্ৰিল: তিনিচুকীয়া জিলাৰ শদিয়াৰ পহুখোৱা তৈলক্ষেত্ৰৰ খনন কাৰ্যৰ পৰা বঞ্চিত কৰা হৈছে ১৫০ গৰাকী কৰ্মচাৰীক (Pohukhowa oilfield of Sadiya) । অইল ইণ্ডিয়া লিমিটেডৰ কুইপ্ৰ’ নামৰ প্ৰতিষ্ঠানটোৱে কোনো আগতীয়া জাননী নিদিয়াকৈ এই কৰ্মচাৰীসকলক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে (Deprived employees of Quipro)। অসমৰ পৰা অৰুণাচলৰ কুমচাইলৈ অইলৰ ৭ নম্বৰৰ এই ৰিগটো স্থানান্তৰ কৰাৰ চলেৰে এইসকল ডেলটেক্সৰ কৰ্মচাৰীক বঞ্চিত কৰা বুলি শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰিছে । সেই বাবেই টালি টোপোলা লৈ ঘৰমুৱা হ'ব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে ।
অইল ইণ্ডিয়া লিমিটেডৰ বছৰ বছৰ ধৰি ঠিকা লাভ কৰি ওভতগোৰে নাচিছে ব্যক্তিগত খনন প্ৰতিষ্ঠান কুইপ্ৰ'ই (Quipro employees protest in Sadiya)। তিনিচুকীয়া জিলাৰ শদিয়াৰ পহুখোৱা গাঁৱত এছ ৱাই ডি এ তৈলক্ষেত্ৰত ভাৰতৰ ভিতৰতে সৰ্বাধিক গভীৰতাত প্ৰাকৃতিক গেছ আৰু তেলৰ অনুসন্ধান চলাই চূড়ান্তভাৱে ব্যৰ্থ হোৱা প্ৰতিষ্ঠানটোৱে অইলৰ ম্যাদ থকা সত্বেও কাম কাজ এৰি ত্ৰিপুৰালৈ যাবলৈ সাজু হৈছে ।
উল্লেখ্য যে, নিবিদাৰ ম্যাদ শেষ কৰি এবছৰৰ বাবে অতিৰিক্ত সময় লাভ কৰা প্ৰতিষ্ঠানটোক অইল ইণ্ডিয়া লিমিটেডে অৰুণাচল প্ৰদেশৰ কে ইউ বি ই তৈলক্ষেত্ৰ কুমচাইলৈ যাবলৈ নিৰ্দেশ দিছিল । কিন্তু কুইপ্ৰ' নামৰ প্ৰতিষ্ঠানটোৱে এই নিৰ্দেশ অমান্য কৰি ১১ মহীয়া অ' এন জি চিৰ ঠিকাৰ বাবে যাবলৈ ওলোৱাত অইলৰ তিনিটাকৈ শ্ৰমিক ইউনিয়নে ক্ষোভ প্ৰকাশ কৰি কৰ্মবিৰতি পালন কৰিছিল ।
অইল প্ৰডাকচন এণ্ড ড্ৰিলিং ৱকাৰ্ছ ইউনিয়ন, অইল ফিল্ড প্ৰাইভেট এমপ্লয়িজ এছ'চিয়েচন, এক্সিকিউটিভ এছ'চিয়েচন আৰু শ্ৰমিক ঐক্য মঞ্চই কৰ্মচাৰীসকলৰ চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত কৰ্মবিৰতি পালন কৰে ৷ তাৰ পিছতে কুইপ্ৰ'ই ড্ৰিলটেক ছাৰ্ভিচক সম্পূৰ্ণ নীতি বহিৰ্ভূতভাৱে বৰ্খাস্ত কৰাৰ উপৰিও তাত নিয়োজিত শ্ৰমিকসকলক খাদ্যৰ যোগান বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে । আনহাতে, কুইপ্ৰ' নামৰ অইলৰ এই প্ৰতিষ্ঠানটোৰ অদূৰদৰ্শীতাৰ বাবেই এইসকল কৰ্মচাৰীয়ে আজি টালি টোপোলা লৈ ঘৰমূৱা হ’বলৈ বাধ্য হ'ব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷
লগতে পঢ়ক:North East Graduate Congress 2023: বৰ্ণিল কৃষ্টি-সংস্কৃতিৰে উদ্ভাসিত খানাপাৰাৰ ইউ এছ টি এমৰ চৌহদ