ধ্বংসৰ পথত আমাজন অফ ইষ্ট নামে খ্যাত দিহিং-পাটকাই বৰ্ষা অভয়াৰণ্য ৷ দেশত চলি থকা লক ডাউনৰ মাজতে অভয়াৰণ্যখনৰ 98.59 হেক্টৰ ভূমিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে নেচনেল বৰ্ড অফ ৱাইল্ডলাইফে ৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে এতিয়া ক্ষুন্ন হৈ পৰিছে অসমৰ ৰাইজ ৷ জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাই ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিছে অসমৰ ছাত্ৰসমাজৰ লগতে বভিন্ন দল সংগঠন ৷ ইয়াৰ তীব্ৰ বিৰোধিতাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইক' ক্লাৱে আৰম্ভ কৰিছে এক অনলাইন প্ৰতিবাদী কাৰ্যসূচী ৷ সামাজিক মাধ্যমত ইতিমধ্যেই #SaveDehingPatkai শীৰ্ষক এক ব্যাপক অভিযান আৰম্ভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে ৷

উল্লেখযোগ্য যে দিহিং পাটকাই বৰ্ষাৰণ্যত খনন চলালে প্ৰকৃতিৰ বুকুৰ পৰা হয়টো চিৰ দিনৰ বাবে হেৰাই যাব বহু দুস্প্ৰাপ্য জীৱ-জন্তু ৷ হেৰাই যাব ২৯৩ টা প্ৰজাতিৰ চৰাই, ৫৭টা প্ৰজাতিৰ উভচৰ প্ৰাণী, 30 টা প্ৰজাতিৰ পখিলা, ৪৭ টা বিভিন্ন প্ৰজাতিৰ স্তনপায়ী প্ৰাণী, ১০০ বিধ দুস্প্ৰাপ্য অৰ্কিডৰ লগতে হলৌ বান্দৰ, লাজুকী বান্দৰ আৰু গাহৰী নেজীয়া বান্দৰ ৷ যাৰ বাবে কেন্দ্ৰ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ বহু দল সংগঠন ৷
সমগ্ৰ বিষয়টোক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷ইয়াৰ উপৰিও প্ৰকৃতিপ্ৰেমী মোবিনা আখতাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দিহিং-পাটকাই বৰ্ষা অভয়াৰণ্যৰ চেলেকি হস্তী অভয়াৰণ্যত কয়লা খনন নতুন কথা নহয় ৷ অভয়াৰণ্যখনত ১৯৭৩ চনৰে পৰা অবৈধ ভাবে কয়লা খনন কাৰ্য চলি আছে ৷ এতিয়া মাত্ৰ অভয়াৰণ্যখনত বৈধ ভাবে কয়লা খননৰ অনুমতিহে প্ৰদান কৰা হৈছে ৷ অভয়াৰণ্যখনত অবৈধ কয়লা খনন সম্পৰ্কে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ পূৰ্বৰে পৰা জ্ঞাত আছিল বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মবিনা আখতাৰে ৷

আনহাতে দিহিং পাটকাইক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াত বিশেষ ভাৱে আগভাগ লোৱা প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ সদস্য সৌম্যদ্বীপ দত্তই একেমুখে নসাৎ কৰিছে দিহিং পাটকাইক লৈ চলি থকা সকলো বিতৰ্ক ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি, দিহিং পাটকাই অভয়াৰণ্যৰ ভূমিত কয়লা খননক লৈ যি প্ৰতিবাদ হৈছে দৰাচলতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ উল্লেখ্য যে ,লকডাউন চলি থকাৰ সময়তে যোৱা 7 এপ্ৰিল তাৰিখে নেশ্যনেল ব’ৰ্ড ফ’ৰ ৱাইল্ড লাইফ আৰু কেন্দ্ৰীয় বন বিভাগে তিনিচুকীয়া-ডিব্ৰগড় আৰু কিছু অংশ অৰুণাচল প্ৰদেশক সামৰি থকা বন্যপ্ৰাণীৰ অন্যতম আশ্ৰয় স্থলী বৰ্ষাৰণ্য দিহিং পাটকাই অভৰাৰণ্যত কয়লা মুক্ত খননৰ বাবে নৰ্থ ইষ্টৰ্ণ ক’ল ফিল্ড তথা ক’ল ইণ্ডিয়া লিমিটেডক অনুমতি প্ৰদান কৰিছে ৷ যিসময়ত ৰাজ্যত হাতী মানুহৰ সংঘাত ক্ৰমে বৃদ্ধি পাই আহিছে সেই সময়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে একেমুখে গৰজি উঠিছে সমগ্ৰ অসমবাসী ৰাইজ ৷

উল্লখ্য যে, দিহিং-পাটকাই বৰ্ষা অভয়াৰণ্যৰ চেলেকি হস্তী অভয়াৰণ্যত কয়লা খননক লৈ 2019 বৰ্ষত অসমৰ তেতিয়াৰ মুখ্য বন সংৰক্ষক প্ৰফেছৰ আৰ. সুকুমাৰে নেচনেল বৰ্ড অফ ৱাইল্ডলাইফলৈ এক প্ৰৰিবেদন প্ৰেৰণ কৰিছিল ৷ চলিত বছৰৰ 17 এপ্ৰিলত নেচনেল বৰ্ড অফ ৱাইল্ডলাইফৰ এক বৈঠকত চেলেকি হস্তী অভয়াৰণ্যৰ 41.30 হেক্টৰ ভূমিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে ৷