ডিগবৈ,18 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এচাম লোকৰ আক্ৰমণৰ বলি হ’ব লগীয়া হৈছে চিকিৎসাকৰ্মী সকল ৷ নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি অহৰহ মানৱ সেৱাত জড়িত চিকিৎসক সকলৰ ওপৰত চলা শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বিৰোধিতাৰে শুকুৰবাৰে চিকিৎসক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিকিৎসক সকলৰ দ্বাৰা গঠিত দেশৰ সৰ্ববৃহৎ চিকিৎসক সংগঠন ভাৰতীয় চিকিৎসা সন্থাই সমগ্ৰ দেশতেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে তৈলনগৰী ডিগবৈ চহৰৰ চৰকাৰী-বেচৰকাৰী চিকিৎসাকৰ্মী সকলে ডিগবৈ অসামৰিক চিকিৎসালয়ৰ প্ৰাঙ্গণত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত চিকিৎসা কৰ্মীসকলে চিকিৎসকৰ ওপৰত চলা অত্যাচাৰ নিৰ্যাতনৰ বিৰোদ্ধে বিভিন্ন শ্লগান লিখা প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা চিকিৎসকৰ মন্তব্য অনুসৰি চিকিৎসক সকলো একো একোজন মানুহ ৷ ভগৱানৰ সৃষ্ট ,ভগৱান নহয় ৷ চিকিৎসক সকলে সামৰ্থ অনুযায়ী এজন ৰোগীক আৰোগ্য কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে ৷ কিন্ত কিছু সংখ্যক ৰোগী চিকিৎসালয়লৈ অন্তিম পৰ্যায়ত লৈ অহা হয় ৷ ফলত চিকিৎসালয়ত চিকিৎসা আৰম্ভ কৰাৰ কিছু মূহূৰ্তৰ পাচতেই শেষ নিশ্বাস ত্যাগ কৰে ৷ তেনে অৱস্থাত কিছু সংখ্যক আত্মীয়ৰ ভুল বুজাবুজিৰ পৰিপেক্ষিতত এনে ধৰণৰ ঘটনাসমুহ সংঘটিত হয় বুলি মত পোষক কৰে ৷ লগতে চিকিৎসাকৰ্মী সকলৰ ওপৰত চলা নিৰ্যাতনৰ তীব্ৰ গৰিহণা প্ৰদান কৰি চৰকাৰ তথা প্ৰশাসনক চিকিৎসাকৰ্মী সকলক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায় এই প্ৰতিবাদকাৰী চিকি!সাকৰ্মী সকলে ৷
কিছুদিন পূৰ্বে হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত সংঘটিত হয় এক অঘটন ৷ ডা৹ সেউজ সেনাপতিক নিৰ্মমভাৱে প্ৰহাৰ কৰে ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত থকা ক’ভিড ৰোগী সকলে ৷ এই ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ বিভিন্ন ঠািৰ চিকিৎসক চিকিৎসা কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে, গিয়াছ উদ্দিন নামৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ক’ভিড কেয়াৰ কেন্দ্ৰটোত উপস্থিত হৈ চিকিৎসকৰ ওপৰত জঁপিয়াই পৰে মৃত গিয়াছ উদ্দিনৰ আত্মীয় । যিয়ে যেনেকৈ পাইছে কেৱল প্ৰহাৰ কৰিছে কৰ্তব্যৰত চিকিৎসকজনক । চিকিৎসকজনক প্ৰহাৰ কৰাই নহয়, ভাঙি লণ্ডভণ্ড কৰে ক’ভিড কেয়াৰ কেন্দ্ৰটোৰ সকলো আচবাব । চিকিৎসক ডা৹ সেউজ সেনাপতিৰ ওপৰত হোৱা আক্ৰমণৰ পিছতেই বহু প্ৰশ্নৰ উত্থাপন হৈছে । উল্লেখ্য যে, নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত এনেদৰে বিভিন্ন প্ৰান্তত সম্প্ৰতি অব্যাহত আছে প্ৰতিবাদ ৷
লগতে পঢ়ক:এগৰাকী নাৰ্চৰ বিৱৰণী: শৌচাগাৰত সোমাইহে মই কোনোমতে বাচি আহিলো