গুৱাহাটী, ৬ জুলাই : তিনিচুকীয়া জিলাৰ দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । সোমবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন বিভাগৰ শীৰ্ষ বিষয়া সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে ।
এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে বন বিভাগক দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰে ।
উল্লেখযোগ্য যে, কোনো এখন অভয়াৰণ্যক কেন্দ্ৰীয় চৰকাৰেহে ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিব পাৰে । কিন্তু ইয়াৰ বাবে যাৱতীয় প্ৰাথমিক প্ৰস্তুতি সংশ্লিষ্ট ৰাজ্য চৰকাৰে কৰিব লাগে ।