ETV Bharat / state

Deforestation in Tinsukia: পেঙেৰীৰ বুঢ়ীদিহিং-টেকেৰী সংৰক্ষিত বনাঞ্চলত বন ধ্বংসযজ্ঞ - Deforestation in Doom Dooma

তিনিচুকীয়া জিলাৰ পেঙেৰীৰ বুঢ়ীদিহিং-টেকেৰী সংৰক্ষিত বনাঞ্চলত বন ধ্বংসযজ্ঞ । বন মাফিয়াই এফালৰ পৰা কাটি তহিলং কৰিছে সংৰক্ষিত বনাঞ্চলত থকা সৰু-বৰ সকলো গছ । নীৰৱ বন বিভাগ, নিৰৱ আৰক্ষী প্ৰশাসন ! চিন্তিত স্থানীয় ৰাইজ (Deforestation in Buridihing Tekeri Reserve Forest) ।

Deforestation in Buridihing Tekeri Reserve Forest
বুঢ়ীদিহিং-টেকেৰী সংৰক্ষিত বনাঞ্চলত বন ধ্বংসযজ্ঞ
author img

By

Published : Apr 2, 2023, 12:42 PM IST

তিনিচুকীয়া জিলাৰ পেঙেৰীত বন ধ্বংসযজ্ঞ

তিনিচুকীয়া, ২ এপ্ৰিল: গোলকীয় উষ্ণতা বৃদ্ধি আৰু অস্বাভাৱিক জলবায়ুৰ পৰিবৰ্তন ৰোধৰ বাবে গছ-গছনি ৰোপণেৰে সেউজীয়া ধৰা গঢ় দিয়াত বিশ্ববাসীয়ে মনোনিৱেশ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন ধবংস যজ্ঞ ৷ চৰকাৰী নীতি-নিৰ্দেশনা আৰু বন সুৰক্ষাৰ আহ্বানক নেওচা দি অসাধু চক্ৰই অবাধে অব্যাহত ৰাখিছে বন ধ্বংস ৷ বনাঞ্চল ধ্বংস কৰি এচাম দুষ্কৃতিকাৰীয়ে প্ৰতিদিনেই অব্যাহত ৰাখিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷

তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত প্ৰতিখন সংৰক্ষিত বনাঞ্চলত অবাধ হাৰত চলিছে বনাঞ্চল ধবংসযজ্ঞ ৷ সংৰক্ষিত বনাঞ্চলসমূহ সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ ।

তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ খাটাংপানী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বুঢ়ীদিহিং-টেকেৰী সংৰক্ষিত বনাঞ্চলত অবাধ হাৰত চলিছে বন ধ্বংস । দুস্কৃতিকাৰীয়ে এফালৰ পৰা কাটি তহিলং কৰিছে বনাঞ্চলখনৰ সকলো সৰু-বৰ গছ ৷ নামতহে মাত্ৰ সংৰক্ষিত বনাঞ্চল, বনদস্যুয়ে বনাঞ্চলখনত থকা মূল্যবান সৰু- বৰ সকলো গছ-গছনি কাটি শেষ কৰাৰ পথত (Deforestation in Buridihing Tekeri Reserve Forest) ৷

বন মাফিয়াই অত্যাধুনিক মেচিনৰ সহায়ত সংৰক্ষিত বনাঞ্চলখনত থকা জাতীয় বৃক্ষ হিচাপে পৰিচিত মহামূল্যৱান হোলোং গছ কাটি এই মূল্যৱান গছৰ ৰমৰমীয়া ব্যৱসায় চলাইছে ৷ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ কেইখনমান বনাঞ্চলতহে পোৱা এই জাতীয় বৃক্ষ হোলোং গছৰ লগতে এই বনাঞ্চলখনক সুৰক্ষা দিয়াত বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে (Deforestation in Doom Dooma) ৷

বন দস্যুয়ে প্ৰতিদিনাই এফালৰ পৰা কাটি তহিলং কৰিছে বনাঞ্চলখনৰ গছসমূহ । বন বিভাগক এই সম্পৰ্কে স্থানীয় ৰাইজে খবৰ দিয়াৰ পিছতো বনাঞ্চল পৰিদৰ্শন কৰাৰ সময় নাথাকে বন বিভাগৰ । উল্লেখযোগ্য যে, বনাঞ্চলখনত থকা সৰু -সৰু পুলি গছসমূহ এতিয়া কাটি বন মাফিয়াই লিডুৰ কয়লা খনিৰ খননৰ কামত ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে (Buridihing Tekeri Reserve Forest) ।

সংৰক্ষিত বনাঞ্চলসমূহত চলোৱা বন ধ্বংসযজ্ঞ বন বিভাগে শীঘ্ৰেই ৰোধ কৰিব নোৱাৰিলে এদিন যে এই সংৰক্ষিত বনাঞ্চলসমূহ মুকলি পথাৰলৈ পৰ্যবেশিত হ'ব সেই কথা এইসমূহ দৃশ্যৰ পৰাই স্পষ্ট হৈ পৰিছে । এইক্ষেত্ৰত যদি বনবিভাগে বনাঞ্চল সুৰক্ষা দিব নোৱাৰে তেন্তে ইয়াৰ দায়িত্ব গাঁওবাসীক গতাই দিবলৈ স্থানীয় লোকে আহ্বান জনাইছে ৷ বনবিভাগে সুৰক্ষা দিব নোৱৰা বনাঞ্চল সুৰক্ষা দিব স্থানীয় লোকে বুলি মন্তব্য কৰিছে ৰাইজে ৷ এইসন্দৰ্ভত উচিত পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান চৰকাৰৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ৷

লগতে পঢ়ক:Hailstorm at Jonai : জোনাইত প্ৰচণ্ড ধুমুহা; বিধ্বস্ত জনজীৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.