তিনিচুকীয়া, 31 মে': তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ফুলবাৰী ঘাটত শুকুৰবাৰে পুতুলু কৰ্মকাৰ (৩৯) নামৰ এগৰাকী লোক নৈৰ পানীত পৰি সন্ধানহীন হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে দিনৰ প্ৰায় 10.30 বজাত আন দুগৰাকী লোকৰ সৈতে টিৰাপ নৈত গৰু পাৰ কৰাই আছিল ৷ সেই সময়তে লোকজন হঠাতে নৈৰ কোবাল সোতত পৰি উটি যায় আৰু সন্ধানহীন হৈ পৰে ৷
নৈত সন্ধানহীন হোৱা লোকজনক উদ্ধাৰ কৰিবলৈ এচডিআৰএফৰ এটা দলে টিৰাপ নৈত উদ্ধাৰ অভিযান চলায় যদিও লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ৷ দেওবাৰে পুৱা প্ৰায় 6 বজাত টিৰাপ নৈৰ লামা ঘাটত গা ধুবলৈ যোৱা কেইজমান লোকে, নৈৰ পানীত এটা মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগে লগে ঘটনাস্থলীত জাগুন আৰক্ষী উপস্থিত হৈ নৈৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে ৷ সম্প্ৰতি মৃতদেহটো জাগুন আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়কঃ বিশ্বনাথত ভয়ংকৰ পথ দূৰ্ঘটনাঃ থিতাতে নিহত দুই যুৱক