ETV Bharat / state

নিৰ্বাচনৰ বাবে সাজু তিনিচুকীয়া জিলা প্ৰশাসন

author img

By

Published : Feb 28, 2021, 7:22 PM IST

তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ ওপৰত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন তিনিচুকীয়া জিলাৰ উপায়ুক্ত দিগন্ত শইকীয়াৰ ।

নিৰ্বাচনৰ বাবে সাজু তিনিচুকীয়া জিলা প্ৰশাসন
নিৰ্বাচনৰ বাবে সাজু তিনিচুকীয়া জিলা প্ৰশাসন

তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰী: নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ পিচতে তৎপৰ হৈ পৰিছে তিনিচুকীয়া জিলা প্ৰশাসন । দেওবাৰে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তিনিচুকীয়া জিলা উপায়ুক্ত দিগন্ত শইকীয়াই এক সংবাদমেল সম্বোধন কৰে ৷ জিলাখনৰ তিনিচুকীয়া, ডিগবৈ আৰু ডুমডুমা সমষ্টিৰ লগতে মুঠ ৫টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন । ইয়াৰে তিনিচুকীয়া সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৭০৭১০ গৰাকী । তাৰে ৮৬০২০ গৰাকী পুৰুষ আৰু ৮৪৬৭৮ গৰাকী মহিলা । ডিগবৈ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৩৭৩০৮ গৰাকী । তাৰে পুৰুষৰ সংখ্যা ৬৮১২০ গৰাকী পুৰুষ আৰু মহিলাৰ সংখ্যা ৬৯১৭৯ গৰাকী । ডুমডুমা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৪৯৩৮১ গৰাকী । তাৰে ভিতৰত পুৰুষৰ সংখ্যা ৭৪১৯৬ আৰু মহিলাৰ সংখ্যা ৭৫১৭৮ বুলি জানিবলৈ দিয়ে । ইপিনে, D ভোটাৰ ক্ষেত্ৰত তিনিচুকীয়াত ৪০২ জন, ডিগবৈত ৩২৬ জন আৰু ডুমডুমাত ৩৭৩ জন । সৰ্বমুঠ ১১০১ জন বুলি জনায় উপায়ুক্ত দিগন্ত শইকীয়াই ।

উল্লেখ্য যে, অসমত ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিল তাৰিখে তিনিটা পৰ্যায়ত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত উজনি অসমৰ ৪৭ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব । উজনি অসমৰ তিনিচুকীয়া জিলাৰ মুঠ ৫টা সমষ্টিত হ'বলগীয়া নিৰ্বাচন তথা ভোট গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগ আৰু তিনিচুকীয়া জিলা প্ৰশাসনে । ২১ৰ বিধান সভা নিৰ্বাচনৰ বহু নীতি-নিয়মাৱলীৰ বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে দিগন্ত শইকীয়াই । ৰাইজৰ মাজত কোনো অতিপ্ৰীতিকৰ ঘটনা সংঘটিত নহ'বলৈ এইবাৰ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে । আনহাতে ২ মাৰ্চত অধিসূচনা জাৰি কৰাৰ কথা ঘোষণা কৰে তিনিচুকীয়া জিলা উপায়ুক্ত গৰাকীয়ে ।

লগতে পঢ়ক:বিজেপি আৰু কংগ্ৰেছক চিৰবিদায় দিবলৈ সাজু অসমৰ ৰাইজঃ দুলু আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.